ETV Bharat / state

চামগুৰিত উপদ্ৰৱ ৰোধ কৰিবলৈ সাজু বিক্ৰম আৰু ৰাজুমালা

author img

By

Published : Aug 27, 2021, 8:33 PM IST

চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ অভিযান চলাব বিক্ৰম আৰু ৰাজুমালাই ৷ ইতিমধ্যে চামগুৰিত উপস্থিত হৈছে বিক্ৰম আৰু ৰাজুমালা ৷

Forest department takes special steps to prevent wild elephant attacks
চামগুৰিত উপদ্ৰৱ ৰোধ কৰিবলৈ সাজু বিক্ৰম আৰু ৰাজুমালা

চামগুৰি, 27 আগষ্ট : চামগুৰিবাসীৰ বাবে ভালখবৰ ৷ নগাঁও জিলাৰ চামগুৰিৰ ভিন্নি অঞ্চলত বিগত কেইবা মাহ ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ এইবাৰ সম্পূৰ্ণ ৰূপে সাজু হৈছে বিক্ৰম আৰু ৰাজুমালা ৷ ইতিমধ্যে চামগুৰিত উপস্থিত হৈছে বিক্ৰম আৰু ৰাজুমালা ৷

বৰ্তমান চামগুৰিৰ উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ত আছে বিক্ৰম আৰু ৰাজুমালা । বন বিভাগৰ কৰ্তৃপক্ষই সদৰি কৰা মতে, চামগুৰিৰ কেইবাটাও অঞ্চলত দীৰ্ঘদিন ধৰি এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে ৷ বনৰীয়া হাতীটো খেদি পঠাবলৈ বন বিভাগে আপ্ৰাণ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই ৷

উল্লেখ্য যে, প্ৰথম অৱস্থাত খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা জনাঞ্চললৈ নামি অহা এটা বনৰীয়া হাতীৰ জাকে চামগুৰি বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাইছিল ৷

চামগুৰিত উপদ্ৰৱ ৰোধ কৰিবলৈ সাজু বিক্ৰম আৰু ৰাজুমালা

লগতে পঢ়ক: ঐতিহাসিক ঘুঁণাসূতিত ভদিয়া বানৰ সংহাৰী ৰূপ

হাতীৰ জাকটোৱে সাধাৰণ লোকৰ ঘৰ-দুৱাৰ ভঙা লগতে খেতি পথৰাত বিস্তৰ ক্ষতি-সাধন কৰি আহিছিল ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত বনবিভাগে হাতীৰ জাকটোক খেদি পথাবলৈ সক্ষম হয় যদিও বনৰীয়া হাতী জাকটোৰ পৰা ফালৰি কাটি এটা হাতী উক্ত অঞ্চলটোত থাকি যায় ৷

যাৰ বাবে এই বনৰীয়া হাতীটোক খেদিবৰ বাবে এতিয়া বিক্ৰম আৰু ৰাজুমালাৰ সহায় ল'বলগীয়া হৈছে বন বিভাগে ৷ বন্যহস্তীটোক খেদিবৰ বাবে বিক্ৰম আৰু ৰাজুমালা নামৰ ঘৰচীয়া হাতী দুটাক লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ বন শিবিৰৰ পৰা চামগুৰিলে অনা হৈছে বুলি জানিবলৈ দিছে বন বিভাগৰ কৰ্তৃপক্ষই ৷

বন বিভাগে শুক্ৰবাৰ বা শনিবাৰৰ দুপৰীয়াৰ ভাগৰ পৰা বিভাগীয় অনুমতি সাপেক্ষে বন্যহস্তীটোক খেদি পঠাবৰ বাবে অভিযান আৰম্ভ কৰাৰ কথা জানিবলৈ দিছে ৷ সম্প্ৰতি বিক্ৰম আৰু ৰাজুমালাক লৈ অধিক আশাবাদী বন বিভাগ ৷

লগতে পঢ়ক: লেটেকুপুখুৰীত মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.