ETV Bharat / state

ঐতিহাসিক ঘুঁণাসূতিত ভদিয়া বানৰ সংহাৰী ৰূপ

author img

By

Published : Aug 27, 2021, 5:58 PM IST

ভদিয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কৱলত পৰি হাজাৰ হাজাৰ কৃষি ভূমি নষ্ট হোৱাৰ লগতে অনিষ্ট হৈছে বহু পৰিয়ালৰ বাসগৃহ ৷ ইয়াৰ মাজতে সোৱনশিৰিৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ঐতিহাসিক ঘুঁণাসূতিৰ কেইবাখনো গাঁও ৷ ৰাইজৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় অৱস্থা ৷

heavy-flood-in-ghunasuti-of-lakhimpur
ঐতিহাসিক ঘুঁণাসূতিত ভদিয়া বানৰ ভয়াৱহ ৰূপ

লখিমপুৰ,27 আগষ্ট: লখিমপুৰৰ ঐতিহাসিক ঘুণাসূঁতিত ভদিয়া বানৰ সংহাৰী ৰূপ ৷ বানৰ কৱলত পৰি দিশহাৰা হৈছে ঘুণাসূঁতি অঞ্চলৰ বালি ভেটা, নাহৰণী, কলিয়নী আদি কেইবাখনো গাঁৱৰ দৰিদ্ৰ বহু পৰিয়াল ৷ সোৱনশিৰিৰ প্ৰৱল বানে উটুৱাই নিছে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী তথা পোহনীয়া জীৱ জন্তু ৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা সোৱণশিৰি নদীৰ প্ৰৱল বানত ঘুণাসূঁতিৰ চৌদিশে সৃষ্টি হৈছে সাগৰ সদৃশ পৰিস্থিতি ৷

উল্লেখ্য যে, ওখ চাং ঘৰৰ ভিতৰতো এবুকু পৰ্যন্ত পানী হোৱাৰ বাবে মাথাউৰিৰ ওপৰত বাস কৰিছে একাংশ পৰিয়ালে ৷ প্ৰয়োজনীয় দুই-এপদ সামগ্ৰীহে বচাবলৈ সক্ষম হোৱা বহু পৰিয়ালৰ এতিয়া মথাউৰিটোৱেই হৈছে একমাত্ৰ আশ্ৰয় স্থল ৷ মথাউৰিৰ ওপৰতো কোনোমতে এসাঁজ ৰান্ধি খোৱাৰ ব্যৱস্থা কৰি লবলগীয়া হৈছে বহু কেইটা পৰিয়ালে ৷ কিন্তু কুঁৱা, দমকল সকলো বানত বুৰ যোৱাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ঘূণাসুঁতিৰ অধিকাংশ পৰিয়ালে ৷

ঐতিহাসিক ঘুঁণাসূতিত ভদিয়া বানৰ ভয়াৱহ ৰূপ

ইমানখিনিৰ পাছতো কিন্তু বানাক্ৰান্ত ৰাইজৰ খবৰ লবলৈ কোনো এজন জনপ্ৰতিনিধি তথা চৰকাৰী বিষয়া উক্ত অঞ্চলত উপস্থিত হোৱা নাই বুলি জনাইছে বানাক্ৰান্ত সকলে ৷ উপায়ন্তৰ হৈ অতি ক্ষোভ আৰু দুখেৰে চৰকাৰলৈ সহায়ৰ আহ্বান জনাইছে বানৰ কৱলত পৰি দিশহাৰা হোৱা ঘুণাসূঁতিবাসীয়ে ৷

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছৰে পৰা অসমৰ বান পৰিস্থিতি ৰোধ কৰাৰ বাবে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছিল ৷ সমান্তৰালকৈ অসমৰ বান সমস্যা ৰোধ কৰাৰ বাবে বিশেষ তৎপৰতাৰে কামত নামি পৰিছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ কিন্তু সময়তকৈ কিছু পলমকৈ এই তৎপৰতা আৰম্ভ হোৱাৰ বাবেই হয়টো পূৰ্বৰ দৰেই এইবাৰো অসমত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ বাৰিষা মানেই যেন ঘুণাসূঁতিবাসীৰ বাবে অভিশাপ !

লগতে পঢ়কঃ মূল বান্ধৰ ওপৰেদি পানী বৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.