ETV Bharat / city

বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে চামগুৰিৰ ৰাইজৰ

author img

By

Published : Aug 1, 2021, 1:17 PM IST

দীৰ্ঘ দিন ধৰি চামগুৰি (Samguri)ৰ বিভিন্ন প্ৰান্তত চাৰিটাকৈ বনৰীয়া হাতী (Wild Elephant)য়ে উপদ্ৰৱ (Terror) চলাই আহিছে ৷ বহু চেষ্টা কৰাৰ পাছতো হাতীকেইটা পঠিয়াবলৈ ব্যৰ্থ বন বিভাগ ৷ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৰাইজৰ ৷

wild Elephant Terror in Samguri, nagaon District
বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে চামগুৰি ৰাইজৰ

চামগুৰি, 1 আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তী (Wild Elephant) আৰু মানুহৰ সংঘাত ৷ নগাঁও জিলা (Nagaon District)ৰ চামগুৰিৰ বিভিন্ন অঞ্চলতো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Terror) । দীৰ্ঘ দিন ধৰি চামগুৰিৰ ভৰাগুৰি, পদুমনি, ডিলকাবস্তি, শিঙীয়া, গেন্ধালি আদি বিভিন্ন অঞ্চলত প্ৰায় পাঁচটাকৈ বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰে চাৰিটাকৈ বনৰীয়া হাতীয়ে ৷ বনৰীয়া হাতীকেইটা দিনৰ ভাগত পথাৰ, জংঘল তথা চাহ বাগিছাসমূহত মুক্ত বিচৰণ কৰে ৷ কিন্তু নিশাৰ ভাগলৈ অঞ্চলটোৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি চলায় উপদ্ৰৱ। অকল সেয়াই নহয় অঞ্চলটোৰ বহু লোকৰ ঘৰ-দুৱাৰ ভঙাৰ উপৰিও সাচি ৰখা ভঁৰালৰ ধান খাই তহিলং কৰিছে হাতীকেইটাই ৷

বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে চামগুৰি ৰাইজৰ

লগতে পঢ়ক -নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান

বন্যহস্তীৰ উপদ্ৰৱৰ ফলত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে ৰাইজে ৷ হাতী কেইটা কাৰ্বি পাহাৰলৈ খেদি পঠিয়াবৰ বাবে বন বিভাগ (Forest Department)ৰ লোক অঞ্চলটোত উপস্থিত হৈ চেষ্টা চলাই আহিছে যদিও আজিলৈকে হ'ব পৰা নাই সক্ষম ।

শনিবাৰে বিয়লি ভাগৰ পৰা দোভাগ নিশা পৰ্যন্ত উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মীয়ে যৌথভাৱে অভিযান চলায় ৷ বন্দুক, আতচবাজী ফুটাই হাতী কেইটা খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও বনবিভাগৰ দলটো ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে ৰাইজে । বিগত প্ৰায় এমাহ ধৰি চামগুৰিত দিনে-নিশাই উপদ্ৰৱ চলাই আহিছে চাৰিটা বন্যহস্তীয়ে ৷ শীঘ্ৰে বনৰীয়া হাতী কেইটা খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক - ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.