ETV Bharat / city

ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 1, 2021, 9:51 AM IST

Tense Situation  for HSLC result at Rahan High School, Dibrugarh District
ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক (HSLC result) লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ অৱশেষত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

মৰাণ, 1 আগষ্ট : শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC result)ৰ ফলাফল ৷ চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উতপ্ত পৰিস্থিতি । দেশত সৃষ্টি হোৱা মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে শিক্ষা পৰিষদৰ বিশেষ নিয়মাৱলীৰ মাজেৰে ঘোষণা কৰা ২০২০-২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে ।

উল্লেখযোগ্য যে, ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৫৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৮ গৰাকী ছাত্র-ছাত্ৰীহে উত্তীৰ্ণ হয় । তাৰে ৭ গৰাকী প্ৰথম বিভাগত ৮ গৰাকী দ্বিতীয় বিভাগত আৰু তিনি গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । কিন্তু পৰীক্ষাৰ ফলাফলত সন্তুষ্ট নহয় পৰীক্ষাত উত্তীৰ্ণ নোহোৱা একাংশ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱকসকলো ।

ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

প্ৰায় 15 (পোন্ধৰ) গৰাকী ছাত্র-ছাত্ৰীৰ লগতে 20 (বিশ) গৰাকীৰো অধিক অভিভাৱকে শনিবাৰে ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰৱেশ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকল উত্তীৰ্ণ নোহোৱাৰ বাবে একমাত্ৰ দোষী বুলি অভিযোগ কৰে বিদ্যালয় শিক্ষক সকলক ৷

লগতে পঢ়ক - শিক্ষান্ত পৰীক্ষাৰ মৃল্যায়নক লৈ অসন্তুষ্ট ৰঙিয়াৰ একাংশ ছাত্ৰ-ছাত্ৰী

অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ অভিযোগ বিদ্যালয়ৰ পৰা নম্বৰ কম দিয়াৰ বাবেই তেওঁলোক উত্তীৰ্ণ নহ'ল ৷ অন্য বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীকে নম্বৰ দি উত্তীৰ্ণ কৰালে আমাক কিয় পাছ মাৰ্ক নিদিলে আদি বিভিন্ন প্ৰশ্নৰে প্ৰধান শিক্ষকজনক জবাৱদিহিল কৰে ৷ আনহাতে, পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ তেওঁলোকক উত্তীৰ্ণ কৰাই দিব লাগিব বুলিও দাবী কৰে একাংশ অভিভাৱকে ।

যি সকল ছাত্র-ছাত্ৰী উত্তীৰ্ণ নহ'ল, তেঁওলোকে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি মন্তব্য কৰাত অভিভাৱক সকলে সেই নিয়ম কোনোপধ্যেই মানিব বিচৰা নাই । দেশৰ ক'ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্যৰাখি চৰকাৰৰ লগতে শিক্ষা বিভাগে পৰীক্ষা সন্দৰ্ভত এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়ে ৷ উক্ত কমিটি খনৰ সিদ্ধান্তমৰ্মে পৰীক্ষা নপতাকৈয়ে ফলাফল ঘোষণা কৰে শিক্ষা বিভাগে ৷ শিক্ষাবিভাগৰ এনে নীতি নিৰ্দেশনাৰ বিৰুদ্ধে একাংশলোক সৰৱ হৈ পৰে ৷

এচামে পৰীক্ষাত অৱৰ্তীণ নোহোৱাকৈ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বিপৰীতে পৰীক্ষাত উত্তীৰ্ণ নোহোৱা সকলে কিয় পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে ৷ তেনে নিয়ম কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি অভিভাৱকসকলে মত প্ৰকাশ কৰিছে । লগতে যিসকল ছাত্ৰ-ছাত্ৰীৰ ফলাফল বেয়া তেওঁলোককো উত্তীৰ্ণ কৰি দিবলৈ আহ্বান জনাইছে শিক্ষা বিভাগক ।

পৰৱৰ্তী সময়ত সাপেখাতী আৰক্ষী উপস্থিত হৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্তই অভিভাৱক সকলৰ সৈতে মত বিনিময় কৰি সমগ্ৰ ঘটনা নিয়ন্ত্ৰণলৈ আনে ।

লগতে পঢ়ক - ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজ্জ্বলিল ডিব্ৰুগড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.