ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হস্তীৰ উপদ্ৰৱ

author img

By

Published : Aug 26, 2021, 5:35 PM IST

ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ সোনাই-ৰূপাই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে বৃহৎ জাকটো ৷ আতংকিত অঞ্চলবাসী ৷

elephant terror at rangapara
ৰঙাপৰাত বনৰীয়া হস্তীৰ উপদ্ৰৱ

ৰঙাপৰা,26 আগষ্ট: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । বুধবাৰে ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাখনত এটা বনৰীয়া হাতীৰ জাকে কৰে মুক্ত বিচৰণ ৷ যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

মন কৰিব লগীয়া যে, শোণিতপুৰ জিলাৰ ৰঙাপৰাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । বুধবাৰে ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাখনত এটা বনৰীয়া হাতীৰ জাকে কৰে মুক্ত বিচৰণ । ইফালে চাহ বাগিচাখনত বনৰীয়া হাতীৰ জাকটোৱে অৱস্থান কৰাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে ।

ৰঙাপৰাত বনৰীয়া হস্তীৰ উপদ্ৰৱ

কিছুদিন পূৰ্বে হাতীয়ে চাহ বাগিচাখনৰ ষ্টাফ লাইনৰ দুটা বাসগৃহ ক্ষতি সাধন কৰিছিল ৷ আনকি ধেন্দাই চাহ বাগিচা প্ৰাথমিক বিদ্যালয়তো এক প্ৰকাৰে ধ্বংসলীলা চলাইছিল হাতীৰ জাকে । এই উত্তেজনা মাৰ নৌ যাওঁতেই পুনৰ বুধবাৰে হাতীয়ে উপদ্ৰৱ চলাই অঞ্চলটোত ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, খাদ্যৰ সন্ধানত শোণিতপুৰ জিলাৰ মিছামাৰীৰ উত্তৰ দিশত থকা সোনাই-ৰূপাই অভয়াৰণ্যখনৰ পৰা বৃহৎ বন্যহস্তীৰ উলাই আহিছিল এই হাতীৰ জাকটো ৷ জানিব পৰা মতে, এই হাতীৰ জাকটোৱে গাভৰু নদী পাৰ হৈ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাখনত সম্প্ৰতি আশ্ৰয় লৈছে ।

লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ বাবে মজুত চাউল ভক্ষণ বন্যহস্তীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.