ETV Bharat / state

Constituency Delimitation: ৰঙাপৰাত সমষ্টি নিৰ্ধাৰণৰ বিৰুদ্ধে অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

author img

By

Published : Jul 11, 2023, 3:56 PM IST

Updated : Jul 11, 2023, 4:03 PM IST

Assam Chah Mazdoor Sangha
ধৰ্ণা কাৰ্যসূচী

চাহ জনগোষ্ঠীক লৈ বিৰূপ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ অসম ট্ৰাইবল সংঘক সকীয়নি প্ৰদান ।

ধৰ্ণা কাৰ্যসূচী

ৰঙাপৰা, 11 জুলাই : ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ খচৰাখনৰ বিৰোধিতাৰে মঙলবাৰে ৰঙাপৰাৰ চাহ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ মজদুৰ সংঘই । ৰাজ্যখনৰ একাংশ জনতাই খচৰাখনক সমৰ্থন কৰাৰ বিপৰীতে একাংশ জনতাই কোনো কাৰণতে খচৰাখন মানি ল’ব বিচৰা নাই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা চাহ বাগিচা আৰু আদিবাসী চাহ জনগোষ্ঠীৰ বহু এলেকা কৰ্তন কৰাৰ বিৰুদ্ধে পুৱা ৮ বজাত অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ আহ্বান মৰ্মে প্ৰতিখন চাহ বাগিচাৰ প্ৰাথমিক গোটে এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰে ।

ৰঙাপৰা বিধানসভা সমষ্টিৰ বৰজুলি, সোনাজুলি, ৰঙাপৰা শাখা, কঠালগুৰি, দুৰুং, কাছমাৰী, হলেশ্বৰ, বিন্দুকুৰি, ফুলবাৰী আদি চাহ বাগিচাৰ শ্ৰমিক ৰাইজে হাতে হাতে ফেষ্টুন-বেনাৰ লৈ বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, পুনৰ সমষ্টি নিৰ্ধাৰণৰ আমি নামানো, নিৰ্বাচনী আয়োগ হুঁচিয়াৰ, অসম ট্ৰাইবেল সংঘ হুঁচিয়াৰ, পূৰ্বৰ সমষ্টি বাহাল ৰাখক, সমষ্টি পুনৰ নিৰ্ধাৰন আমাক নালাগে, শ্ৰমিক ঐক্য জিন্দাবাদ, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ আদি শ্ল’গানেৰে চাহ বাগিচা অঞ্চলৰ পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদস্থলীত উপস্থিত থকা অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটীয়ে সংবাদ মাধ্যমৰ আগত কয় যে- অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখা কাৰ্যালয়ৰ অধীনত থকা প্ৰতিখন চাহ বাগিচাতে আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ চাহ অধ্যূষিত এলেকা কৰ্তন কৰি অন্যান্য সমষ্টিত অন্তৰ্ভুক্ত কৰি আদিবাসী চাহ জনগোষ্ঠী ৰাইজক ৰাজনৈতিকভাৱে শক্তিহীন কৰাৰ ষড়যন্ত্ৰক চাহ মজদুৰ সংঘই গৰিহণা দিছো ।

তেওঁ লগতে কয়, অসমৰ ৰঙাপৰা, লাহোৱাল, বিহালী, মৰাণ, পানেৰী, মাজবাট আদিকে ধৰি কেইবাটাও বিধানসভা সমষ্টিত আদিবাসী জনগোষ্ঠীৰ এটা প্ৰভূত্ব আছিল । কিন্তু ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰস্তুত কৰি উলিওৱা খচৰাখনত চাহ বাগিচাৰ গাঁওসমূহ অন্য সমষ্টিত অন্তৰ্ভুক্তি কৰি শক্তিহীন কৰাৰ প্ৰয়াস চলাইছে । আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজক ৰাজনৈতিক ভাৱে শক্তিহীন কৰা কাৰ্যৰ পৰা বিৰতি থাকিবলৈ কেন্দ্ৰীয় চৰকাৰ সকীয়াই দিয়ে সুনিল টুটীয়ে ।

ইফালে আদিবাসী চাহ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা অসম ট্ৰাইবেল সংঘক সকীয়াই দি সুনিল টুটীয়ে কয়-"আমাৰ জনগোষ্ঠীৰ বিৰুদ্ধে এনে ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকক । অন্যথা আপোনালোকৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম" । অসমত চাহ জনগোষ্ঠীৰ ৰাইজে প্ৰায় ২০০ বছৰ ধৰি ৰাজত্ব কৰি আহিছে । বিশ্বৰ দৰবাৰত অসমখনক চাহৰ জৰিয়তে পৰিচয় কৰাই দিছে চাহ বাগিচা অঞ্চলৰ ৰাইজে । অসম চৰকাৰৰ লগত মিতিৰালি কৰি অসম ট্ৰাইবেল সংঘই এনেধৰণৰ মন্তব্য কৰাটো চাহ জনগোষ্ঠীৰ লোকে কোনো কাৰণতে সহ্য নকৰে বুলি সকীয়াই দিয়ে তেওঁ ।

লগতে পঢ়ক : Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰঙাপৰাত আছাৰ প্ৰতিবাদ

Last Updated :Jul 11, 2023, 4:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.