Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰঙাপৰাত আছাৰ প্ৰতিবাদ

By

Published : Jul 9, 2023, 6:11 PM IST

thumbnail

ৰঙাপৰা, ৯ জুলাই: ভাৰতৰ নিৰ্বাচনী আয়োগে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে প্ৰস্তুত কৰা খচৰাখনক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰে ৰঙাপৰা । নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত আদিবাসী অধ্যুষিত অঞ্চল কৰ্তন কৰাৰ পিচত গণ বিদ্ৰোহৰ সৃষ্টি হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সমষ্টিয়ে-সমষ্টিয়ে গণতান্ত্ৰিক আন্দোলন, প্ৰতিবাদ, বিক্ষোভ আদিৰে উত্তাল হৈ থকাৰ সময়চোৱাত ৰঙাপৰা সমষ্টিতো প্ৰতিবাদ সাব্যস্ত কৰে আছাই ।  

সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেন্দাই-সোনাজুলি প্ৰাথমিক গোটে ধেন্দাই চাহ বাগিচাৰ সোনাজুলি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ । সমষ্টি পুনৰ নিৰ্ধাৰণে ৰঙাপৰা বিধানসভা সমষ্টিৰ আদিবাসী অধ্যুষিত অঞ্চল কৰ্তন কৰাৰ বিৰুদ্ধে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । 

লগতে পঢ়ক: Story of Humanity: এজাক কুকুৰৰ সৈতে সময় পাৰ কৰা এগৰাকী মহিলা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.