ETV Bharat / state

Conflict in Amguri over digging of drains: বেদখলৰ কবলত ঐতিহাসিক ৰূপহীজান

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 3:08 PM IST

Historical Ruphijan in the grip of encroachments
বেদখলৰ কবলত ঐতিহাসিক ৰূপহীজান

ঐতিহাসিক ৰূপহীজান এতিয়া বেদখলৰ কবলত । নলা খননক কেন্দ্ৰ কৰি দুখন গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডা । একাংশ পূঁজিপতি লোকে অবৈধভাবে দখলৰ পৰিণতি ভোগ কৰিব লগা হৈছে সাধাৰণ ৰাইজে ।

বেদখলৰ কবলত ঐতিহাসিক ৰূপহীজান

আমগুৰি,২৬ আগষ্ট: ঐতিহাসিক ৰূপহীজান বেদখলৰ ভয়ংকৰ পৰিণতি । নলা খননক কেন্দ্ৰ কৰি দুখন গাঁৱৰ ৰাইজৰ তীব্ৰ বাক-বিতণ্ডা । কৃত্ৰিম বানত বিপৰ্য্যস্ত সাধাৰণ ৰাইজ । বন্ধ জমা পানীৰ ফলত ৰোগৰ প্ৰাদুৰ্ভাব । খজুৱতি, জ্বৰ, চৰ্দিত আক্ৰান্ত গাঁওবাসী । শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ পৰা দিখৌমুখ পৰ্য্যন্ত বিস্তৃত হৈ থকা ঐতিহাসিক ৰূপহীজানত একাংশ পূঁজিপতি লোকে অবৈধভাবে দখলৰ পৰিণতি ভোগ কৰিব লগা হৈছে সাধাৰণ ৰাইজে ।

বৰষুণৰ জমা পানী নিষ্কাষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ঐতিহাসিক ৰূপহীজানৰ বিভিন্ন অংশ একাংশ লোকে পুতি পেলোৱাৰ ফলত এক বৃহৎ অঞ্চলৰ কৃষক ৰাইজৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈ অহাৰ লগতে কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । বিশেষকৈ ৰূপহীমুখ, বলিয়াঘাট, গৌৰীসাগৰ আদি ঠাইসমূহত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে দিখৌমুখ পৰ্য্যন্ত বৈ যোৱা ৰূপহীজান এতিয়া অবৈধ বেদখলৰ কবলত ।

দীৰ্ঘদিন ধৰি ৰূপহীজান বেদখল মুক্ত কৰাৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও আজি পৰ্য্যন্ত জিলা প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰাৰ পৰিণতিত শিৱসাগৰ ৰাজহ চক্ৰৰ অধীনৰ ৰূপহীমুখ, বলিয়াঘাট আৰু গৌৰীসাগৰ অঞ্চলৰ ৰাইজে কৃত্ৰিম বানৰ সমস্যাৰ সৈতে যুঁজ কৰিব লগা হৈছে ।

শিৱসাগৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৰূপহীমুখ অঞ্চলত জমা হোৱা পানী ৰূপহীজানৰ পৰিৱৰ্তে আন দিশেৰে উলিয়াই নিয়াৰ সিদ্ধান্তৰ বিপৰীতে বলিয়াঘাট অঞ্চলৰ ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে । আনকি দুখন গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । অৱশেষত জিলা প্ৰশাসনৰ হস্তক্ষেপত সেই সিদ্ধান্ত বাতিল কৰা হয় যদিও শীঘ্ৰেই একাংশ ধনাঢ্য লোকে অবৈধভাৱে দখল কৰি কৰি থকা ঐতিহাসিক ৰূপহীজান বেদখল মুক্ত কৰিবৰ বাবে জিলা প্ৰশাসনক দাবী জনায়।

লগতে পঢ়ক: Herbal treatment in Assam : নিত্য শইকীয়াই বনৌষধিৰে দি আহিছে বহু জটিল ৰোগৰ বিধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.