ETV Bharat / state

Herbal treatment in Assam : নিত্য শইকীয়াই বনৌষধিৰে দি আহিছে বহু জটিল ৰোগৰ বিধান

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 1:18 PM IST

বনৌষধিৰে ৰোগীৰ চিকিৎসা নিৰাময় কৰি আহিছে লাহোৱালৰ খনিকৰ গাঁৱৰ নিত্য শইকীয়াই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰোগীয়ে বন ঔষধ খাই সুস্থ হোৱাৰ দাবী শইকীয়াৰ ৷

Claims to cure complicated diseases with herbs
বনৌষধিৰে দি আহিছে বহু জটিল ৰোগৰ বিধান

বনৌষধিৰে দি আহিছে বহু জটিল ৰোগৰ বিধান

ডিব্ৰুগড়, 26 আগষ্ট: মাৰাত্মক কৰ্কট ৰোগ, মেলেৰিয়া, টনচিল আদিকে ধৰি বহু জটিল ৰোগ ভেষজেৰে নিৰাময় কৰিবলৈ সক্ষম হোৱা বুলি দাবী ডিব্ৰুগড় জিলাৰ লাহোৱাল খনিকৰ গাঁৱৰ নিত্য শইকীয়াৰ ৷ চৌপাশে নানা ধৰণৰ দৰকাৰী বনৌষধি সিঁচৰিত থকাৰ পৰা এনে সম্ভাৱনা কঢ়িয়াই আনিছে লাহোৱালৰ এখন ভিতৰুৱা খনিকৰ গাঁৱৰ নিত্য শইকীয়া নামৰ জ্যেষ্ঠ সোকজনে । জটিল কৰ্কট ৰোগৰ লগতে অন্য ৰোগৰ চিকিৎসাৰ বাবে বন ঔষধ প্ৰস্তুত আৰু প্ৰয়োগেৰে বহুতৰে জীৱনৰ ত্ৰাণকৰ্তা হিচাপে পৰিচিত হৈছে এই গৰাকী ব্যক্তি ।

বহু বেমাৰৰ বন ঔষধ প্ৰদান কৰি ৰোগীক সুস্থ কৰিবলৈ সক্ষম হোৱাৰ পাছতেই চৰ্চালৈ আহিছে নিত্য শইকীয়া । নিজৰ বাৰীতে পোৱা বিভিন্ন বন গছৰ পাতৰ পৰা প্ৰস্তুত কৰা দৰৱৰ দ্বাৰা ৰোগ নিৰাময় কৰে শইকীয়াই । কেন্সাৰ, কেঁচুমুৰীয়া, টনচিল, ধাতু, গেষ্ট্ৰিক ,মেলেৰিয়া ,নিউমোনিয়া, শুকান কাঁহ আদি বেমাৰৰ ঔষধ বিগত এক দশক ধৰি নিত্য শইকীয়াই প্ৰদান কৰি আহিছে বুলি জানিবলৈ দিয়ে । 63 বছৰীয়া নিত্য শইকীয়াই দেউতাকৰ পৰা শিকা এই বন দৰৱসমূহেৰে এতিয়া বহু ৰোগীৰ ৰোগ নিৰাময় কৰিবলৈ সক্ষম হয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

প্ৰতিদিনে অৰুণাচল প্ৰদেশ, ধেমাজি, শিৱসাগৰ ,তিনিচুকীয়া আদি বিভিন্ন স্থানৰ পৰা ৰোগীসকলে ৰোগৰ নিৰাময় বিচাৰি নিত্য শইকীয়াৰ ঘৰত ভিৰ কৰেহি বুলি জানিব দিয়ে শইকীয়াই । ৰাইজক সেৱা কৰাৰ মানসেৰে ঔষধ প্ৰদান কৰা নিত্য শইকীয়াই ঔষধৰ বিনিময়ত কোনো ধন নলয় কিন্তু ৰোগী সুস্থ হোৱাৰ পাছতেই নিজেই আহি বিভিন্ন উপহাৰ দি যায়হি বুলি জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে নিত্য শইকীয়াই বনৌষধৰ ওপৰিও আজৰি সময়ত বাঁহ বেতৰ বিভিন্ন সামগ্ৰী যেনে ডলা, চালনী, ঢৰা, খালৈ, টোম আদি নিৰ্মাণ কৰি পৰিয়াল পোহ-পাল দি আহিছে ।

লগতে পঢ়ক: Palm oil plantation in Assam; অসমত পাম খেতি কৰাটো উচিত নহয় : অৰণ্য মানৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.