ETV Bharat / state

কেনে আছে দিখৌমুখৰ ঐতিহ্যবহনকাৰী খনাখোকোৰা পুখুৰী ?

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 6:54 PM IST

Poor condition of Sivasagar Khonakhokora pond
ঐতিহ্যবহনকাৰী খনাখোকোৰা পুখুৰী

Historical Khonakhokora pond: মনত আছেনে বাৰু আহোমসকলৰ ঐতিহ্যবহনকাৰী খনাখোকোৰা পুখুৰীৰ কথা ? কেনে অৱস্থাত আছে এই পুখুৰীটো ? আজিও আহেনে ইয়ালৈ পৰিভ্ৰমী পক্ষী ?

ঐতিহ্যবহনকাৰী খনাখোকোৰা পুখুৰী

আমগুৰি, ৩০ ডিচেম্বৰ : শিৱসাগৰৰ দিখৌমুখত আছে এটা ঐতিহাসিক পুখুৰী ৷ এসময়ত এই পুখুৰীটো আছিল আহোমসকলৰ ঐতিহ্যৰ এক প্ৰতীক ৷ নাম খনাখোকোৰা পুখুৰী ৷ কিন্তু আপুনি জানি আচৰিত হ’ব ঐতিহ্যবহনকাৰী এই খনাখোকোৰা পুখুৰীটোৰ বৰ্তমানৰ অৱস্থাৰ কথা ৷ পুখুৰীটোৰ কদৰ্য ৰূপে উদঙাইছে প্ৰত্নতত্ত্ব বিভাগৰ ফোঁপোলা স্বৰূপ ।

দিখৌমুখৰ দিছিয়াল গাঁৱত অৱস্থিত খনাখোকোৰা পুখুৰীৰ কদৰ্যময় অৱস্থাৰ বিষয়ে জানিও প্ৰত্নতত্ত্ব বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ খনাখোকোৰা পুখুৰীটোক লৈ প্ৰত্নতত্ত্ব বিভাগৰ কৰ্মকাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰিছে সচেতন লোকেও ৷

Poor condition of Sivasagar Khonakhokora pond
দিখৌমুখত আছে এটা ঐতিহাসিক পুখুৰী

উল্লেখ্য যে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৫১ ৰ পৰা ১৭৬৯ খ্ৰীষ্টাব্দৰ শাসনকালত খোকোৰাখেন নামৰ পুৰোহিতৰ নাম যুগমীয়া কৰিবৰ বাবে এই পুখুৰীটো খন্দাইছিল । কিন্তু কালক্ৰমৎ এই পুখুৰীটো একেবাৰেই কদৰ্যময় হৈ পৰিছে ৷ সম্প্ৰতি পুখুৰীটোৰ পাৰ গছ-গছনিৰে বেৰি থকাৰ ফলত যাতায়াতৰ ক্ষেত্ৰটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে পথচাৰীৰ লগতে অঞ্চলটোৰ ৰাইজে ।

উল্লেখ্য যে, প্ৰকৃতিৰ ৰম্যভূমি দিখৌমুখত সোণত সুৱগা চৰাই আহিছে খনাখোকোৰা পুখুৰীয়ে । শীতকাল অহাৰ লগে লগেই বিভিন্ন প্ৰজাতিৰ চৰাই এই পুখুৰীটোলৈ আগমণ ঘটা দেখিবলৈ পোৱা যায় । ৰাজহাঁহ, শৰালি, কামচৰাই আদিৰ বিচৰণস্থলী এই খনাখোকোৰা পুখুৰী ৷

Poor condition of Sivasagar Khonakhokora pond
ঐতিহ্যবহনকাৰী খনাখোকোৰা পুখুৰী

কিন্তু এই পুখুৰীটোৰ এই কদৰ্যময় ৰূপৰ বাবে আলহী পক্ষীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ যাক লৈ কিছু চিন্তিত হৈ পৰিছে পক্ষীপ্ৰেমীসকল ৷ সেয়ে অই পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : মাত্ৰ ৮০ টকাৰে আৰম্ভ কৰা স্বাভিমানী ব্যৱসায়ী চাও চেং ৰাজকোঁৱৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.