ETV Bharat / state

মাত্ৰ ৮০ টকাৰে আৰম্ভ কৰা স্বাভিমানী ব্যৱসায়ী চাও চেং ৰাজকোঁৱৰ কথাৰে...

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:08 PM IST

Self reliant by Muga Silk business : এজন বিশেষ যুৱক ৷ যুৱকজনৰ বুকুত অসমীয়া হোৱাৰ গৌৰৱ । অসমীয়াৰ স্বাভিমানত থৌকি বাথৌ হিয়া । চাকৰি এৰি অসমীয়াৰ স্বাভিমানক সংপৃক্ত কৰি তেওঁ আৰম্ভ কৰিলে ব্যৱসায় । মাথোঁ ৮০ টকাৰে আৰম্ভ কৰা তেওঁৰ ব্যৱসায় এতিয়া দেশে বিদেশে সমাদৃত । প্ৰচুৰ জাতীয়তাবোধ সম্পন্ন যুৱকজনক লৈ এক বিশেষ প্ৰতিবেদন ।

Self reliant by Muga Silk business
চাও চেং ৰাজকোঁৱৰ

চাও চেং ৰাজকোঁৱৰ

লখিমপুৰ, ৩০ ডিচেম্বৰ : স্বাভিমান, জাতীয়তাবোধ, যিয়ে আপোনাক কৰি তোলে অন্যতকৈ কিছু পৃথক ৷ তেনে এক প্ৰৱল জাতীয়তাবোধ থকা এজন যুৱকৰ কথাৰে আজিৰ এই প্ৰতিবেদন ৷ প্ৰৱল জাতীয়তাবোধ সম্পন্ন এই যুৱকজন হ’ল চাও চেং ৰাজকোঁৱৰ । এসময়ত তেওঁ জীৱন জীৱিকাৰ বাবে বাছি লৈছিল হোটেল মেনেজমেন্টৰ চাকৰি ।

চাকৰি সূত্ৰে লখিমপুৰৰ গাৰ্লচ স্কুল সংযোগী পথৰ নিবাসী চাও চেং ৰাজকোঁৱৰে গুৱাহাটীৰ পৰা পুণে তাৰ পাচত বাংগালুৰু আদি বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল । কামৰ খাতিৰত বিশেষকৈ দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত তেওঁ অধিক সময় কটাইছিল ৷

চাকৰি জীৱনৰ সময়ছোৱাত তেওঁ বিভিন্ন অভিজ্ঞতাৰ লগতে মন কৰিছিল দক্ষিণ ভাৰতীয় লোকৰ স্বাভিমান ৷ নিজৰ লোক-সংস্কৃতি, পৰম্পৰা তথা জাতীয় সাজ-সজ্জাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু প্ৰেম ৷ সময় বাগৰিল ৷ দক্ষিণ ভাৰতীয় লোকৰ স্বাভিমানে চাও চেং ৰাজকোঁৱৰৰ জীৱনৰ গতিপথেই সলনি কৰি দিলে । বহিঃৰাজ্যৰ লোকৰ স্বাভিমান দেখি চাকৰি ত্যাগ কৰি তেওঁ উভতি আহিল অসমলৈ ।

অসমৰ পৰম্পৰাগত সাজ পোছাকক লৈ কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ জাগিল ৰাজকোঁৱৰৰ মনত ৷ তাৰ পাচতে দুচকুত হাজাৰটা সপোন লৈ তেওঁ কামত আগবাঢ়িল । সেয়া ২০১৬ চনৰ কথা ।

চাকৰি ত্যাগ কৰি তেওঁ অসমলৈ ঘূৰি অহাৰ পাচত ক্ৰমান্বয়ে শেষ হৈ আহিল তেওঁৰ সাঁচতীয়া টকা কেইটা । কিন্তু শেষ হোৱা নাছিল তেওঁ কিবা এটা কৰাৰ অদম্য হেঁপাহ । হাতত থকা টকা ৮০ টা লৈ তেওঁ সপোনক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়িল ।

তেনেকৈয়ে এদিন ৰাজকোঁৱৰে হাতত থকা ৮০ টকাৰে কাপোৰ কিনি আনি আহোমসকলৰ পৰম্পৰাগত ৰূপত এটা চোলা চিলাই পিন্ধিলে । সেই চোলাটা দেখি সকলো আকৰ্ষিত হ’ল । তেওঁক তেনে চোলা প্ৰস্তুত কৰি দিবৰ বাবে বহুতে ফৰমাইচ দিলে । সেয়াই আৰম্ভণি । তাৰ পাচত আৰু তেওঁ উভতি চাব লগীয়া হোৱা নাই ।

পাট মুগাৰ সূতা কিনি লৈ এক উদ্যোগ গঢ়ি তেওঁ ঘাইকৈ আহোমসকলৰ পৰম্পৰাগত সাজ পোছাক প্ৰস্তুত কৰি বিক্ৰী কৰিবলৈ ল’লে । 'ফা মিঙ খাম' নাম দি তেওঁ উদ্যোগটোৰ জৰিয়তে স্বাভিমানেৰ কাম কৰাৰ হকে আগুৱাই গ’ল । ক্ৰমে প্ৰসাৰিত হ’ল তেওঁৰ ব্যৱসায় ।

লখিমপুৰ, গুৱাহাটী আৰু ডিব্ৰুগড়ত তেওঁ ব্যৱসায় প্ৰতিষ্ঠান স্থাপন কৰিলে । বহুজনক সংস্থাপনো দিলে এই প্ৰতিষ্ঠান অথবা বস্ত্ৰ উৎপাদনৰ প্ৰক্ৰিয়াত জড়িত কৰোৱাই । কেৱল অসমতে নহয় । বহিঃৰাজ্যৰ পৰাও অনলাইনযোগে অৰ্ডাৰ আহিল । ক্ৰমাৎ তেওঁৰ চালে চকুৰোৱা বস্ত্ৰ সামগ্ৰীবোৰৰ আদৰ বিদেশলৈকো বিয়পিল ।

অষ্ট্ৰেলিয়া, ডুবাই, ইংলেণ্ড আদি বিভিন্ন দেশৰ পৰা তেওঁ লৈ বস্ত্ৰ সামগ্ৰী যোগানৰ অৰ্ডাৰ আহিবলৈ ল’লে । দিন নিশা তৰণি নোহোৱা হ’ল চাও চেঙৰ । দেশে বিদেশে অসমৰ পাট মূগাৰ কাপোৰত চমকপ্ৰদ ডিজাইন সৃষ্টি কৰি যোগান দিয়াত তেওঁ ব্যস্ত হৈ পৰিল ।

২০১৬ ৰ পৰা ২০১৯ লৈ ৰাজকোঁৱৰে কেৱল আহোমসকলৰ পৰম্পৰাগত সাজ পোছাক প্ৰস্তুত কৰিছিল ৷ তাৰ পিচত তেওঁ অসমীয়া সমাজৰ সকলো ধৰণৰ সাজ পোছাক প্ৰস্তুত কৰিবলৈ লয় । এমহীয়া শিশুৰ পৰা সকলো বয়সৰ লোকৰ বাবে পুৰুষ-মহিলা নিৰ্বিশেষে তেওঁ সাজ পোছাক প্ৰস্তুত কৰাত সফল হয় ।

গ্ৰাহকৰ পচন্দ অনুযায়ী মনে বিচৰা ধৰণে তেওঁ সাজ পোছাক তৈয়াৰ কৰি দেশে বিদেশে ৰপ্তানি কৰি আহিছে ৷ সোণালী সূতাক তেওঁ দেশে বিদেশে সমাদৃত কৰাইছে চাও চেঙ ৰাজকোঁৱৰে । অচিৰেই চাও চেং ৰাজকোঁৱৰে কপাহী কাপোৰ উৎপাদনৰ আন এক পৰিকল্পনা কৰিছে । তেওঁ অসমৰ পাট মূগাৰ মেখেলা চাদৰ বহিঃৰাজ্যত প্ৰচুৰ আদৰ লাভ কৰিছে বুলি জানিবলৈ দিয়ে ।

আজিও কৰ্ম সংস্থাপনৰ বাবে ৰাজ্যৰ বহু যুৱক অথবা যুৱতী বহিঃৰাজ্যত বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে । কিন্তু সেইসকলৰ মাজৰে চাও চেঙে সোঁতৰ বিপৰীতে গৈ আৰামৰ চাকৰি ত্যাগ কৰি আহি অসমৰ গৌৰৱ পাট মূগাৰ কাপোৰ তৈয়াৰ কৰি জাতীয় স্বাভিমানৰ গৰ্বৰে প্ৰকৃততে অসমীয়াগিৰি কৰি দেখুৱাইছে ।

লগতে পঢ়ক : সোণবুলীয়া কমলা খেতিৰে গঢ়িছে কৃষি বিপ্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.