ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 21, 2022, 7:07 PM IST

Etv Bharat Top News
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Covid-19:যোৱা ২৪ ঘণ্টাত দেশত প্ৰায় ৭০৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

দেশত ক'ভিড ৰোগীৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাইছে (Covid cases increased in India)। এটা দিনত ৩.৮৭ লাখৰ অধিক লোক আক্ৰান্ত কৰ'ণাত । ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ ৰৈ যোৱা প্ৰায় ৬.৫ কোটি লোকক অতি শীঘ্ৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান চৰকাৰৰ ।

Uddhab Bharali sent to judicial custody: কাৰাগাৰলৈ নিক্ষেপ পদ্মশ্ৰী উদ্ধৱ ভৰালীক

পদ্মশ্ৰী উদ্ধৱ ভৰালীক প্ৰেৰণ কৰা হ’ল কাৰাগাৰলৈ (Uddhab Bharali sent to judicial custody) ৷ নাবালিকাক যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত উদ্ভাৱকগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছতে প্ৰশস্ত হৈ পৰিছিল জেল যাত্ৰাৰ পথ ৷

২৪ বছৰে কিয় অসম্পূৰ্ণ ইষ্ট-ৱেষ্ট কৰিড'ৰ: জবাব লাগে PMO ক

১৯৯৮ চনতে গুজৰাটৰ সৌৰাষ্ট্ৰৰ পৰা অসমৰ শিলচৰলৈ আৰম্ভ কৰা হৈছিল ইষ্ট-ৱেষ্ট কৰিড'ৰৰ কাম (East–West Corridor Project) ৷ কিন্তু দুটা দশক উকলি যোৱাৰ পিছতো আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল এই পথচোৱা ৷ যাৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (Why did the East-West corridor remain incomplete ?) ৷

ক্লাছলৈ বুলি ওলাই যোৱা পৰিস্মীতা প্ৰকৃততে ক’ত হেৰাল ?

বৃহস্পতিবাৰে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা ক্লাছলৈ বুলি ওলাই গৈছিল ৷ ক্লাছ শেষ হোৱত ঘৰলৈ যাম বুলি ফোন কৰি জানিবলৈ দিলে মাকক ৷ কিন্তু, বহু দেৰিলৈ ঘৰলৈ যোৱা নাছিল ছাত্ৰী গৰাকী ( Darrang college girl missing) ৷ পিছত মাকলৈ পৰিস্মীতাৰ ফোনেৰেই আহিল আকৌ এটা ফোন কল ৷ এইবাৰ ফোনটোৰ সিপাৰে পৰিস্মীতা নাছিল আছিল কোনো যুৱকৰহে কন্ঠ ৷

Deputation of IAS officers: ২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত

কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনতে নহয় কেইবাজনো বিষয়াই আন্তঃৰাজ্যিক ডেপুটেশ্যনত যোৱাত অসমত প্ৰশাসনিক ব্যৱস্থাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আই এ এছ বিষয়াসকলে অসম এৰি যোৱাৰ ফলত অসমত থকা জ্যেষ্ঠ বিষয়াসকলৰ কামৰ বোজা যথেষ্ট বাঢ়িছে (Several IAS officers have gone to the central and interstate deputation) । এজন বিষয়াই এতিয়া একাধিক বিভাগৰ দায়িত্ব চম্ভালিবলগীয়া হৈছে ।

Assam Police Recruitment: কেমেৰাৰ সন্মুখত বঞ্চিত পৰীক্ষাৰ্থীৰ হিয়াভগা কান্দোন

‘‘আমি কি কৰিম এতিয়া? আমাৰ কাৰণেতো চৰকাৰে কিবা এটা কৰক’’ ৷ এনেদৰেই এগৰাকী যুৱতীয়ে অন কেমেৰা হুকহুকাই কান্দিলে নগাঁৱত ৷ ২০১৮ বৰ্ষত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ ব্যৱহাৰিক আৰু শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ বাবে আমন্ত্ৰণ কৰাৰ কথা কৈছিল যদিও পৰৱৰ্তী সময়ত তেনে কৰা ন'হল (Assam Police Constable Exam) । ফলত বয়সক লৈও হতাশাত ভুগিছে বঞ্চিত প্ৰাৰ্থীসকল ৷

Maha Lok Adalat at Tripura: অহা ২২ জানুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব মহা লোক আদালত

ত্ৰিপুৰাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । ইয়াৰ মাজতে শনিবাৰে ৰাজ্যখনত অনুষ্ঠিত হ'ব মহা লোক আদালত (Lok Adalat in Tripura on January 22)। ৬৬ খন বিচাৰপীঠত মুঠ ১৯,৪০৫ টা গোচৰ গ্ৰহণ কৰা হ'ব । সকলোৱে পালন কৰিব লাগিব ক'ভিড বিধি ।

Covid update in Assam : বৃহস্পতিবাৰে ৰাজ্যত 7929 জন লোক ক'ভিডত আক্ৰান্ত

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (Covid positive cases rapidly increasing in Assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 7929 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.92 শতাংশ ৷

Poachers killed rhino in Kaziranga : কাজিৰঙাত গঁড় হত্যা অব্যাহত থকাৰ সন্দেহ কংগ্ৰেছৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে (APCC reaction on one horned rhino killed) ৷ কাজিৰঙাত গঁড় হত্যাৰ এনে ঘটনা সংঘটিত হৈয়েই থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

পুৰণিগুদামলৈ আহি হঠাৎ কিয় খং উঠিল মন্ত্ৰী সঞ্জয় কিষাণৰ ?

অসম চৰকাৰৰ হাফলঙত অনুষ্ঠিত কেবিনেট(Assam government's cabinet meeting at Haflong)ৰ পৰা ওভটি অহাৰ পথত মন্ত্ৰী সঞ্জয় কিষাণক (Minister Sanjay Kishan in Puranigudam) জ'ব কাৰ্ডৰ শ্ৰমিকৰ ৰূপত দেখা গ’ল নগাঁৱৰ পুৰণিগুদামত ৷ অঞ্চলটোৰ স্থানীয় লোকৰ সৈতে মত-বিনময় কৰা অৱস্থাত এজনৰ সৈতে তৰ্ক-বিতৰ্কও কৰিলে মন্ত্ৰীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.