ETV Bharat / city

Covid update in Assam : বৃহস্পতিবাৰে ৰাজ্যত 7929 জন লোক ক'ভিডত আক্ৰান্ত

author img

By

Published : Jan 21, 2022, 11:42 AM IST

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (Covid positive cases rapidly increasing in Assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 7929 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.92 শতাংশ ৷

covid-positive-cases-rapidly-increasing-in-assam
বৃহস্পতিবাৰে ৰাজ্যত 7929 জন লোক ক'ভিডত আক্ৰান্ত

নিউজ ডেস্ক , 21 জানুৱাৰী : কৰ’ণাৰ তৃতীয় ঢৌ ক'ভিডৰ প্ৰবাহে বাৰুকৈয়ে কোবাইছে ৰাজ্যক (Increasing COVID cases in Assam) । বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে (COVID cases in Guwahati) ৷ যাৰ বাবে ভোগালী পাছৰে পৰা কঠোৰ হৈ পৰিছে কামৰূপ মহানগৰ প্ৰশাসন ৷ ইতিমধ্যে ৰাজ্যৰ ৰাজ্যৰ চিনেমা হল, পাৰ্ক, শ্বপিং ম’লৰ লগতে ৰাজহুৱা স্থানত প্ৰশাসনে মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে ৷ ইফালে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ বহুকেইখন বিদ্য়ালয় আৰু মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্তৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷

বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে ৰাজ্যৰ বৰ্তমানৰ ক'ভিড-19 ৰ পৰিস্থিতি সম্পৰ্কে এক তথ্য দাঙি ধৰে (Covid update in Assam) ৷ এই তথ্য মৰ্মে, ৰাজ্যত বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 7929 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.92 শতাংশ ৷ লগতে কৰ’ণাৰ পৰীক্ষা সম্পন্ন হৈছে 61,359 গৰাকীৰ ৷ ইয়াৰ ভিতৰত কামৰূপ(ম) ত 1716 জন লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ ইতিমধ্যে 92.81 শতাংশ লোকে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ লগতে বিগত 24 ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ 12 জন লোকৰ মৃত্যু হৈছে ৷

ইফালে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, বিগত 24 ঘণ্টাত কামৰূপ মহানগৰত 1716 জন, ডিব্ৰুগড়ত 486 জন, কামৰূপ (গ্ৰাম্য)ত 424, কাছাৰত 422 জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ৷

আনহাতে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত 10 দিনৰ ভিতৰত কামৰূপ মহানগৰত ক'ভিডৰ ভয়াৱহতা যথেষ্ট হাৰত বৃদ্ধি হৈছে (COVID cases in Guwahati) ৷ কেৱলমাত্ৰ কামৰূপ মহানগৰতেই 12,911 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ লগতে কাছাৰত 3,062 জন, ডিব্ৰুগড়ত 3,053 জন (COVID cases in Dibrugarh) , যোৰহাটত 2771 জন (COVID cases in Jorhat), কামৰূপ গ্ৰাম্যত 2,262 জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰোপৰি ৰাজ্যৰ আন আন জিলাতো ক'ভিডৰ সংহাৰী ৰূপ অব্যাহত আছে ৷

লগতে ক'ৰোনা মহামাৰীৰ ভয়াবহ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিদ্যালয়সমূহ 30 জানুৱাৰীলৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (All physical classes in Assam will remain closed till January 30) ৷

লগতে পঢ়ক : যোৰহাটত বিজেপিৰ উদ্যোগত ভলীবল আৰু কাবাদী প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.