ETV Bharat / bharat

Covid-19:যোৱা ২৪ ঘণ্টাত দেশত প্ৰায় ৭০৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

author img

By

Published : Jan 21, 2022, 3:52 PM IST

দেশত ক'ভিড ৰোগীৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাইছে (Covid cases increased in India)। এটা দিনত ৩.৮৭ লাখৰ অধিক লোক আক্ৰান্ত কৰ'ণাত । ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ ৰৈ যোৱা প্ৰায় ৬.৫ কোটি লোকক অতি শীঘ্ৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান চৰকাৰৰ ।

Covid cases in India
যোৱা ২৪ ঘণ্টাত দেশত প্ৰায় ৭০৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

নেশ্যনেল ডেস্ক,২১ জানুৱাৰী : প্ৰতি দিনে দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে (Covid cases increased in India)। যোৱা ২৪ ঘণ্টাত দেশত ৩ লাখ ৪৭ হাজাৰতকৈও অধিক লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে (Covid new cases in India)। এই সময়চোৱাত প্ৰায় ৭০৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ লগে লগে দেশত ক'ভিড ৰোগীৰ মৃত্য়ুৰ সংখ্যা ৪,৮৮,৩৯৬ লৈ বৃদ্ধি হৈছে ।

ইফালে দেশত ক'ভিডৰ সক্ৰিয়া ঘটনা আছে ২০,১৮,৮২৫ টা । ভাৰতত এতিয়ালৈ অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা প্ৰায় ১০ হাজাৰ । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ ৰৈ যোৱা প্ৰায় ৬.৫ কোটি লোকক অতি শীঘ্ৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । কিয়নো শীৰ্ষ বিষয়াসকলে দাবী কৰা মতে প্ৰতিষেধকৰ সুৰক্ষাৰ বাবেই ক'ভিডৰ ঢৌত কৈ তৃতীয় ঢৌত ৰোগীৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

নীতি আয়োগৰ সদস্য আৰু ক'ভিড-১৯ ৰ চৰকাৰৰ মুখ্য উপদেষ্টা বিনোদ পলে কয় যে এটা সময়ত দ্বিতীয় পালি ল'বলৈ ৰৈ যোৱা লোকৰ সংখ্যা ১২ কোটি আছিল কিন্তু বৰ্তমান এই সংখ্যা ৬.৫ কোটিলৈ হ্ৰাস পাইছে । ইফালে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰত ক'ভিড-১৯ৰ ব্যৱস্থাপনাৰ সংশোধিত নিৰ্দেশনাৱলী অনুসৰি স্বাস্থ্য মন্ত্ৰালয়ে কয় যে পাঁচ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয় ।

লগতে পঢ়ক :India corona update : দেশত 93,051 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত ক’ভিডত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.