ETV Bharat / city

২৪ বছৰে কিয় অসম্পূৰ্ণ ইষ্ট-ৱেষ্ট কৰিড'ৰ: জবাব লাগে PMO ক

author img

By

Published : Jan 21, 2022, 5:25 PM IST

১৯৯৮ চনতে গুজৰাটৰ সৌৰাষ্ট্ৰৰ পৰা অসমৰ শিলচৰলৈ আৰম্ভ কৰা হৈছিল ইষ্ট-ৱেষ্ট কৰিড'ৰৰ কাম (East–West Corridor Project) ৷ কিন্তু দুটা দশক উকলি যোৱাৰ পিছতো আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল এই পথচোৱা ৷ যাৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (Why did the East-West corridor remain incomplete ?) ৷

২৪ বছৰে কিয় অসম্পূৰ্ণ ইষ্ট-ৱেষ্ট কৰিড'ৰ: জবাব লাগে PMO ক
২৪ বছৰে কিয় অসম্পূৰ্ণ ইষ্ট-ৱেষ্ট কৰিড'ৰ: জবাব লাগে PMO ক

গুৱাহাটী, ২১ জানুৱাৰী: ১৯৯৮ চনতে তদানীন্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ কাৰ্যকালত গুজৰাটৰ সৌৰাষ্ট্ৰৰ পৰা অসমৰ শিলচৰলৈ আৰম্ভ কৰা হৈছিল ইষ্ট-ৱেষ্ট কৰিড'ৰৰ কাম (East West Corridor Project) । কিন্তু পৰিতাপৰ বিষয় যে দুটা দশক উকলি যোৱাৰ পিছতো আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল এই পথচোৱা ।

যাৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় । কিয় ইষ্ট-ৱেষ্ট কৰিড'ৰৰ কাম আজিও সম্পূৰ্ণ নহ'ল তাৰ জবাব লাগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক (Why did the East West corridor remain incomplete ?) ।

মুঠ ৩,৩০০ কিলোমিটাৰ দৈৰ্ঘৰ এই পথচোৱাৰ প্ৰায়খিনিৰে কাম যোৱা সময়খিনিত সম্পূৰ্ণ হ'ল যদিও অসমৰ কাছাৰ আৰু ডিমা হাচাও জিলাৰ মাজৰ ২৫.২৫ কিলোমিটাৰ পথ আজি দুটা দশকজুৰি অসম্পূৰ্ণ হৈয়েই পৰি ৰ’ল । কাছাৰৰ বালাচাৰা আৰু ডিমা হাচাওৰ হাৰাংগাজাওৰ মাজৰ এই ২৫.২৫ কিলোমিটাৰ পথ কিয় আজিও সম্পূৰ্ণ নহ'ল সেই বিষয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI) ৰ পৰা বিস্তৃত প্ৰতিবেদন বিচাৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ।

২৪ বছৰে কিয় অসম্পূৰ্ণ ইষ্ট-ৱেষ্ট কৰিড'ৰ: জবাব লাগে PMO ক
২৪ বছৰে কিয় অসম্পূৰ্ণ ইষ্ট-ৱেষ্ট কৰিড'ৰ: জবাব লাগে PMO ক

মনকৰিবলগীয়া যে বালাচাৰা আৰু হাৰাংগাজাওৰ মাজৰ পথচোৱাৰ দৈৰ্ঘ প্ৰথম অৱস্থাত ৩১ কিলোমিটাৰ নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত ডি পি আৰ সলনি কৰি ইয়াৰ দৈৰ্ঘ ২৫.২৫ কিলোমিটাৰলৈ হ্ৰাস কৰা হয় । এই পথচোৱাত অন্তৰ্ভুক্ত হৈ আছে ৩১ খন দলঙো ।

লগতে পঢ়ক: Deputation of IAS officers: ২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.