ETV Bharat / city

Deputation of IAS officers: ২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত

author img

By

Published : Jan 21, 2022, 3:32 PM IST

Updated : Jan 21, 2022, 7:09 PM IST

কিয় অসমত কাম কৰিব নিবিচাৰে আই এ এছ বিষয়াসকলে ? কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনতে নহয় কেইবাজনো বিষয়াই আন্তঃৰাজ্যিক ডেপুটেশ্যনত যোৱাত অসমত প্ৰশাসনিক ব্যৱস্থাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আই এ এছ বিষয়াসকলে অসম এৰি যোৱাৰ ফলত অসমত থকা জ্যেষ্ঠ বিষয়াসকলৰ কামৰ বোজা যথেষ্ট বাঢ়িছে (Several IAS officers have gone to the central and interstate deputation) । এজন বিষয়াই এতিয়া একাধিক বিভাগৰ দায়িত্ব চম্ভালিবলগীয়া হৈছে ।

২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত
২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত

গুৱাহাটী, 21 জানুৱাৰী: ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলে কিয় অসমত থাকিব নিবিচাৰে ? বৰ্ত্তমান সময়ত এই বিষয়টো বিশেষভাৱে চৰ্চালৈ আহিছে । শেহতীয়াকৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলে অসমত প্ৰশাসনিক কামকাজ কৰি থাকিব নিবিচৰা হৈছে । ইয়াৰ কাৰণ এতিয়াও জানিব পৰ‍া হোৱা নাই যদিও আজিৰ তাৰিখত অসমৰ কুৰিজনৰো অধিক আই এ এছ বিষয়া ডেপুটেশ্যনত আছে (More than 25 IAS officers out of the state in assam)।

কোনো গোপন কাৰণত এজনৰ পাছত এজনকৈ আই এ এছ বিষয়াই অসম এৰিছে । এই বিষয়াসকলে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগসমূহত ডেপুটেশ্যনত গৈ কাম কৰিছে (Deputation of IAS officers) । কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনতে নহয় কেইবাজনো বিষয়াই আন্তঃৰাজ্যিক ডেপুটেশ্যনত যোৱাত অসমত প্ৰশাসনিক ব্যৱস্থাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আই এ এছ বিষয়াসকলে অসম এৰি যোৱাৰ ফলত অসমত থকা জ্যেষ্ঠ বিষয়াসকলৰ কামৰ বোজা যথেষ্ট বাঢ়িছে । শীর্ষ পর্যায়ৰ প্ৰশাসনিক বিষয়াৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত এজন বিষয়াই এতিয়া একাধিক বিভাগৰ দায়িত্ব চম্ভালিবলগীয়া হৈছে (An officer has to take charge of many departments) ।

২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত
২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত

জানিব পৰা মতে সম্প্ৰতি ২৫ জনৰো অধিক আই এ এছ বিষয়াই ৰাজ্যৰ বাহিৰত অর্থাৎ কেন্দ্ৰীয় চৰকাৰ বা আন্তঃৰাজ্যিক ডেপুটেশ্যন লৈ আন ৰাজ্যত সেৱা আগবঢ়াই আছে । পৰিস্থিতি এনে পৰ্যায়লৈ গৈছে যে বিষয়াৰ অভাৱৰ ফলত ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে আন্তঃৰাজ্যিক ডেপুটেশ্যন বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিবলগীয়া হৈছে । অর্থাৎ ৫ বছৰলৈ আন্তঃৰাজ্যিক ডেপুটেশ্যনত যোৱাৰ অনুমতি নিদিয়ে ৰাজ্য চৰকাৰে । বিষয়াসকলে কিয় অসমত কাম কৰিবলৈ ইচ্ছা নকৰা হৈছে সেই কথা এতিয়াও পোহৰলৈ অহা নাই যদিও কেন্দ্ৰীয় ডেপুটেশ্যনত যোৱাৰ সুযোগ ল'ব বিচাৰিছে আই এ এছ বিষয়াসকলে ।

জ্যেষ্ঠ আই এ এছ বিষয়া এ কে ভাল্লাই কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিবৰ দায়িত্ব লৈ সেৱা আগবঢ়াই আহিছে । বিগত বৰ্ষত তেওঁৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছিল । সেইদৰে নিটি আয়োগৰ যুটীয়া সচিব হিচাপে কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনত আছে এম চি জহুৰী । আনহাতে এছিয়ান ডেভেলপমেন্ট বেংকৰ কাৰ্যবাহী বিষয়াৰ দায়িত্বত আছে সমীৰ কুমাৰ খাৰে, ইণ্ডিয়ান ষ্টেণ্ডার্ট ব্যুৰ’ৰ দায়িত্বত আছে পি কে তিৱাৰী। ঠিক সেইদৰে ড৹ ৰবি কোটা, অজয় তিৱাৰী, এল ছুইটী চাংচন, আশুতোষ অগ্নিহোত্ৰী, ডি এন মিশ্ৰ, ড৹ জে বালাজী, ড৹ পি অশোকবাবু, পুৰু গুপ্তা, বীৰেন্দ্ৰ মিট্টাল, ড৹ অংগমুথু, শ্যাম জগন্নাথন আদি বহু আই এ এছ বিষয়াই অসম এৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দপ্তৰ বা এজেঞ্চিত নিযুক্তি হৈ সেৱা আগবঢ়াই আছে ।

২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত
২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত

তদুপৰি প্ৰতীক হাজেলাই মধ্য প্ৰদেশত, অৰুণা ৰাজাৰীয়াই ৰাজস্থানত, জে ভি এন সুব্ৰমণিয়মে অন্ধ প্ৰদেশত, ড৹ ওম প্ৰকাশে ৰাজস্থানত আন্তঃৰাজ্যিক ডেপুটেশ্যনত গৈ সেৱা আগবঢ়াই আছে । আই এ এছ বিষয়াৰ নাটনিৰ ফলত ৰাজ্যত থকা এজন বিষয়াই এতিয়া একাধিক গুৰুত্বপূর্ণ বিভাগ চম্ভালিবলগীয়া হৈছে। প্ৰধান সচিব নীজ বার্মাই গৃহ আৰু ৰাজনৈতিক, শক্তি, সংসদীয় পৰিক্ৰমা, পার্চনেল আৰু নতুন দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্তৰ অতিৰিক্ত আয়ুক্তৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে ।

সেইদৰে কে কে দ্বিবেদীয়ে প্ৰধান সচিব হিচাপে উদ্যোগ আৰু বাণিজ্য, এক্ট ইষ্ট পলিচি, দক্ষতা বিকাশ, নিয়োগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, খনি আৰু খনিজাত সামগ্ৰী, পৰিবহণ বিভাগৰ লগতে আছাম হাইড্ৰ’কাৰ্বন এণ্ড এনার্জী কোঃ লিমিটেডৰ পৰিচালন সঞ্চালকৰ দায়িত্বত নিয়েজিত হ'বলগীয়া হৈছে । তেনেদৰে মুকেশ চন্দ্ৰ চাহুৱে প্ৰধান সচিব হিচাপে সমাজ কল্যাণ, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ, বড়োলেণ্ড কল্যাণৰ লগতে ৰূপান্তৰ আৰু উদ্ভাৱনা আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত পালন কৰিবলগীয়া হৈছে ।

অতিৰিক্ত মুখ্য সচিবসকলৰ দৰে প্ৰধান সচিবসকলৰ উপৰি আয়ুক্ত সচিবসকলকো এতিয়া বিষয়াৰ অভাৱত চৰকাৰে একাধিক বিভাগ পৰিচালনাৰ বাবে দায়িত্ব দিবলগীয়া হৈছে । যাৰ ফলত বিভাগসমূহৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পৰিছে ।

লগতে পঢ়ক: GMC Ward Extension : গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধিৰ প্ৰক্ৰিয়াকলৈ কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

Last Updated : Jan 21, 2022, 7:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.