ETV Bharat / state

Poachers killed rhino in Kaziranga : কাজিৰঙাত গঁড় হত্যা অব্যাহত থকাৰ সন্দেহ কংগ্ৰেছৰ

author img

By

Published : Jan 21, 2022, 3:46 PM IST

Updated : Jan 21, 2022, 4:29 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে (APCC reaction on one horned rhino killed) ৷ কাজিৰঙাত গঁড় হত্যাৰ এনে ঘটনা সংঘটিত হৈয়েই থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

Poachers killed rhino in Kaziranga
কাজিৰঙাত গঁড় হত্যা অব্যাহত থকাৰ সন্দেহ প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, ২১ জানুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে (APCC reaction on one horned rhino killed)। উল্লেখ যে, বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga national park)ত ১৫ দিন পূৰ্বে হত্যা কৰি খৰ্গ কাটি নিয়া এটা উৱলি যোৱা গঁড়ৰ মৃতদেহ উদ্ধাৰ হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইটো গঁড় হত্যাৰ প্ৰথম ঘটনা ।

গড় হত্যাৰ ঘটনাকলৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অভিজিত মজুমদাৰে কয় যে, কাজিৰঙাত গঁড় হত্যাৰ এনে ঘটনা সংঘটিত হৈ থাকিব পাৰে । যিবোৰ ঘটনা হয়টো ৰাজহুৱা হোৱা নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে, তেওঁৰ সময়ত গঁড় হত্যাৰ এটাও ঘটনা সংঘটিত নহয় । মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰ‍াটো আমিও বিচাৰো বুলি কয় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ।

কাজিৰঙাত গঁড় হত্যা অব্যাহত থকাৰ সন্দেহ কংগ্ৰেছৰ

আনহাতে দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট প্ৰদৰ্শন নোহোৱাৰ প্ৰসংগত অভিজিত মজুমদাৰে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Uncertainty over Assam tableau making Republic Day event cut) । শ্বহীদ কনকলতা বৰুৱাৰ পতাকা উত্তোলনৰ সেই দৃশ্যৰ প্ৰতীকপট বাতিল হোৱাৰ ক্ষেত্ৰত কিয় মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ কৰা নাই বুলি তেওঁ প্ৰশ্ন কৰে । স্বাধীনতা আন্দোলনত অসমৰ অৱদানক নসাৎ কৰা নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । এই কাৰ্যক কংগ্ৰেছৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে বুলি কৈ তেও কয় যে, গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট প্ৰদৰ্শন হোৱাটো আমিও বিচাৰো । অন্যথা ২৬ জানুৱাৰীৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ কনকলতা বৰুৱাৰ ফটো লৈ প্ৰতিবাদ কৰা হ'ব ।

শিলচৰৰ ঢলাইত মিজোৰামৰ লোকে পুনৰ উপদ্ৰৱ চলোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় । সেইদৰে অৰুণাচলৰ যুৱকক চীনা সেনাই অপহৰণ কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায় । এনে কাৰ্য যাতে চীনে পুনৰ কৰিব নোৱাৰে তাৰ বাবে ভাৰত চৰকাৰে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও তেওঁ দাবী উত্থাপন কৰে ।

আনহাতে গান্ধী মণ্ডপত থকা সুউচ্চ পতাকাক লৈ হৈ থকা বিসংগতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ চৰকাৰক পতাকাক লৈ ধেমালী নকৰাৰ বাবে সকীয়াই দিয়ে । এইক্ষেত্ৰত তেওঁ পি আই এল কৰাৰ কথাও সদৰি কৰে ।

লগতে পঢ়ক: Poachers killed rhino in Kaziranga : কাজিৰঙাত উদ্ধাৰ খৰ্গবিহীন গঁড়ৰ মৃতদেহ

Last Updated :Jan 21, 2022, 4:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.