ক্লাছলৈ বুলি ওলাই যোৱা পৰিস্মীতা প্ৰকৃততে ক’ত হেৰাল ?

author img

By

Published : Jan 21, 2022, 3:53 PM IST

Updated : Jan 21, 2022, 4:26 PM IST

tezpur-college-girl-missing-kidnapper-demands-money-from-parents

বৃহস্পতিবাৰে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা ক্লাছলৈ বুলি ওলাই গৈছিল ৷ ক্লাছ শেষ হোৱত ঘৰলৈ যাম বুলি ফোন কৰি জানিবলৈ দিলে মাকক ৷ কিন্তু, বহু দেৰিলৈ ঘৰলৈ যোৱা নাছিল ছাত্ৰী গৰাকী ( Darrang college girl missing) ৷ পিছত মাকলৈ পৰিস্মীতাৰ ফোনেৰেই আহিল আকৌ এটা ফোন কল ৷ এইবাৰ ফোনটোৰ সিপাৰে পৰিস্মীতা নাছিল আছিল কোনো যুৱকৰহে কন্ঠ ৷ তাৰ পিছত কি হ’ল জানো আহক ৷

তেজপুৰ, ২০ জানুৱাৰী : তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী হঠাতে নোহোৱা হ’ল (Darrang college girl missing) ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা ঘৰৰ পৰা ওলাই গৈছিল ক্লাছলৈ বুলি ৷ ক্লাছৰ শেষত প্ৰায় একমান বজাত মাকক ফোন কৰি ঘৰলৈ গৈ থকাৰ কথাও জানিবলৈ দিয়ে তাই ৷ পিছে, ঘৰলৈ যাম বুলি ক’লেও কিছু পলম হৈছিল সেইদিনা ৷ এনেতে পৰিস্মীতাৰ ৬০০১৬৯৯৩২৮ নম্বৰটোৰ পৰা মতৃ গৰাকীলৈ আহিল এটা ৰহস্যময় ফোন কল ৷

জীয়েকৰ ফোন দেখি মাতৃ গৰাকীয়ে ধৰিলে ঠিকেই, পিছে ফোনটোৰ সিপাৰে পৰিস্মীতা নাছিল আছিল কোনো যুৱকৰহে কন্ঠ ৷ যুৱকজনে ফোন যোগে মাতৃ গৰাকীক জানিবলৈ দিলে যে পৰিস্মীতা এতিয়া তেওঁলোকৰ লগতে আছে ( Kidnapper's call to parents of missing college girl) ৷ কিন্তু, এতিয়া সমস্যা হ’ল, ফোন কৰা যুৱকজনে দাবী কৰিলে 5 লাখ টকা (Darrang college girl Kidnapper demands money from parents) ৷ 5 লাখ টকা দিলেই পৰিস্মীতাক ঘূৰাই দিয়াৰ কথা নিশ্চিত কৰিলে নিজকে অপহৰণকাৰী হিচাপে চিনাকি দিয়া অচিনাক্ত যুৱকজনে ৷

ক্লাছলৈ বুলি ওলাই যোৱা পৰিস্মীতা প্ৰকৃততে ক’ত হেৰাল ?

আনহাতে, এই ঘটনা সন্দৰ্ভত মাতৃ গৰাকীয়ে তেজপুৰ সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ । এতিয়া দিন দুপৰতে মহাবিদ্যালয়ৰ পৰা ছাত্ৰী গৰাকী এইদৰে নিৰুদ্দেশ হোৱাৰ ঘটনাই সমগ্ৰ তেজপুৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ একে সময়তে এইদৰে হঠাতে ছাত্ৰী গৰাকী অপহৰণ হোৱাৰ ঘটনাৰ আঁৰত কি ৰহস্য আছে তাক লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন ৷

লগতে পঢ়ক : ধুবুৰীত কাৰাগাৰৰ পৰা ওলাই আহোতেই পুনৰ গ্ৰেপ্তাৰ চাৰিটা মাফিয়াক

Last Updated :Jan 21, 2022, 4:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.