ETV Bharat / state

Rahul Gandhi ED Probe: বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে: নুৰুল হুদা

author img

By

Published : Jun 17, 2022, 6:31 PM IST

প্ৰতিবাদত উত্তাল হ’ল নগাঁও চহৰ ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত এনফৰ্চমেণ্ট ডিৰেক্টৰ চমুকৈ ই ডিয়ে জেৰা কৰাৰ বিৰোধীতাৰে শুকুৰবাৰে নগাঁও কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ (Congress workers protest in Nagaon) ৷ এই প্ৰতিবাদস্থলীতে বিজেপি চৰকাৰক কটু সমালোচনা কৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই (Nurul Huda criticized BJP govt) ৷

Congress workers protest in Nagaon
বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে : নুৰুল হুদা

নগাঁও, 17 জুন : ‘‘গণতন্ত্ৰত যদি বিৰোধী পক্ষ নাথাকে, তেন্তে কেনেকৈ গণতন্ত্ৰ সুস্থিৰ হৈ থাকিব ৷ বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে’’ ৷ শুকুৰবাৰে নগাঁৱত কংগ্ৰেছে ৰূপায়ন কৰা এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই (Nurul Huda criticized BJP govt) ৷

উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰ (National Herald money laundering case) এনফৰ্চমেণ্ট ডিৰেক্টৰ চমুকৈ ই ডিয়ে জেৰা অব্যাহত ৰাখিছে ৷ যাৰ বিৰুদ্ধে দেশ তথা ৰাজ্যত কংগ্ৰেছী কৰ্মীসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ (Congress workers protest in Nagaon) ৷

বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে : নুৰুল হুদা

দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ শুকুৰবাৰে নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আৰু জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ নেতৃত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অভিমুখে শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে উলিয়ালে এক প্ৰতিবাদী সমদল । কিন্তু নগাঁও আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক নগাঁও ৰাজীৱ ভৱনতৰ সন্মুখতে বাধা প্ৰদান কৰে ৷

আনকি নগাঁও আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক নগাঁও ৰাজীৱ ভৱনতে আৱদ্ধ কৰি ৰাখে । যাক লৈ ক্ষুব্ধ হৈ পৰে কংগ্ৰেছী নেতা-কৰ্মীসকল । তাৰ পাচত ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে বিজেপি গ' বেক, নৰেন্দ্ৰ মোডী মূর্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী ।

লগতে পঢ়ক : Rahul reaches ED office: তৃতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.