ETV Bharat / bharat

"মই সাভাৰকাৰ নহয়, মই ৰাহুল গান্ধী": ED কাৰ্যালয়ত উপস্থিত ৰাহুল গান্ধী

author img

By

Published : Jun 13, 2022, 11:59 AM IST

Updated : Jun 13, 2022, 1:24 PM IST

কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে সোমবাৰে পুৱা 11 বজাত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ কাৰ্যালয়ত উপস্থিত হয়(Congress leader Rahul Gandhi arrives at ED office) ৷ কংগ্ৰেছী নেতাগৰাকীৰ লগত দলটোৰ বহু জ্যেষ্ঠ নেতা তথা সমৰ্থকে পদযাত্ৰা কৰি আহে ইডিৰ কাৰ্যালয়লৈ ৷

ED কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছী নেতা ৰাহুল গান্ধী
ED কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছী নেতা ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক , 13 জুন : সোমবাৰে পুৱা 11 বজাত ED কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছী নেতা ৰাহুল গান্ধী ( Congress leader Rahul Gandhi arrives at ED office) ৷ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা সমৰ্থকৰ বৃহৎ ৰেলীৰে ED কাৰ্যালয়ত উপস্থিত হয় নেতাগৰাকী ৷ নেতাগৰাকীৰ সুৰক্ষাৰ বাবে ED কাৰ্যালয়ৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷

আকবৰ ৰোডস্থিত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলকে ধৰি দলীয় নেতাসকলে সমৰ্থকসকলৰ সৈতে এক বৃহৎ সমদলেৰে নেতাগৰাকীৰ সৈতে ED কাৰ্যালয়লৈ গমন কৰে ৷ ইফালে পুৱাৰে পৰা ৰাহুল গান্ধীৰ সমৰ্থনত সমৰ্থকসকলে "মই সাভাৰকাৰ নহয়, মই ৰাহুল গান্ধী" পোষ্টাৰ লগাই বৃহৎ সমদল উলিয়ায় ৷ ইয়াৰ সমান্তৰালকে দেশৰ বিভিন্ন কংগ্ৰেছ শাসিত ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ সাংসদ সকলোৰে উপস্থিতিত ৰাহুল গান্ধীৰ সমৰ্থনত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

পুৱা AICC কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে পদযাত্ৰাৰ বাবে বৃহৎ সমদল ওলোৱাৰ পিছতে কৰ্মীসকলক মুখ্য কাৰ্যালয়ৰ বাহিৰৰ পৰা আটক কৰা হয় ৷ ইফালে AICC কাৰ্যালয় আৰু ৰাহুল গান্ধীৰ বাসগৃহৰ বাহিৰত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰে ৷ দিল্লীৰ বৰ্তমানৰ সাম্প্ৰদায়িক পৰিস্থিতি আৰু গধুৰ আইন-শৃংখলা প্ৰতি লক্ষ্য ৰাখি দিল্লী প্ৰশাসনে সমদলৰ অনুমতি দিয়া নাছিল ৷

নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ে চমন জাৰি কৰিছিল ৷ ইডিয়ে পূৰ্বে জাৰি কৰা এখন চমনত ৰাহুল গান্ধীক ২ জুনত ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল ৷ আনহাতে ৮ জুনত ইডিৰ তদন্তকাৰী বিষয়াৰ সন্মুখত ছোনিয়া গান্ধীক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল যদিও নেত্ৰীগৰাকীৰ দেহত বৃহস্পতিবাৰে ক’ভিডৰ অৱস্থিতি ধৰা পৰাত তেওঁলৈ প্ৰেৰণ কৰা চমন স্থগিত ৰখা হৈছে ৷

লগতে পঢ়ক : Rahul before ED tomorrow: ৰাহুলৰ লগত সমদল কৰি যাব জ্যেষ্ঠ কংগ্ৰেছী নেতা

Last Updated :Jun 13, 2022, 1:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.