ETV Bharat / state

Road Accident at Kaliabor : নৈশ বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত 1, আহত 19

author img

By

Published : Jun 16, 2023, 10:14 AM IST

Updated : Jun 16, 2023, 2:19 PM IST

Road Accident at Kaliabor
কলিয়াবৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা

বৃহস্পতিবাৰে মাজনিশা কলিয়াবৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাগৰাকী যাত্ৰী ৷

কলিয়াবৰ, 16 জুন : কলিয়াবৰত অঘটন ৷ বৃহস্পতিবাৰে মাজ নিশা প্ৰায় 1:10 কলিয়াবৰৰ হাটবৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৰত্নগিৰি নামৰ এখন নৈশ বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত থিতাতে এজন লোক নিহত হোৱাৰ লগতে বাছখনৰ 19 গৰাকী যাত্ৰী আহত হয় । নিহত লোকজন ট্ৰাকখনৰ চালক আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে । আনহাতে আহতসকলৰ কেইবাগৰাকী যাত্ৰীৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা হৈছে ৷

ইফালে দুৰ্ঘটনাৰ পাচত আহতসকলক নিশাই কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, আহতসকলৰ একাংশ লোকক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : Golai road accident : ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চাৰি, চিকিৎসাধীন এজন

জানিব পৰা পৰে, নিশা অহা প্ৰচণ্ড বতাহ-বৰষুণৰ বাবেই কলিয়াবৰ আৰক্ষী নিৱেশ এলেকাৰ 37 নং ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্ত ৰত্নগিৰি নামৰ নৈশ বাছৰখনৰ নম্বৰ হৈছে AS-01-JC-6649 আৰু ট্ৰাকখনৰ নম্বৰ হৈছে AS-01-NC-5897 ৷

ইফালে বৃহস্পতিবাৰৰ মাজ নিশা তিনিচুকীয়া জিলাৰ ডিগবৈ গোলাইতো সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাটোত চাৰিজন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, ডিগবৈৰ গোলাইৰ টাৰ্মিনেলৰ সন্মুখৰ পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

নম্বৰপ্লেটবিহীন দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনত দুগৰাকী মহিলাসহ তিনিজন পুৰুষ আছিল বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । শেহতীয়া তথ্য অনুসৰি, ডিব্ৰুগড়ৰ পৰা বিয়া খাই মাজনিশা ঘৰলৈ ঘূৰি গৈ থকা অৱস্থাতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক : Sikha Sarma detained: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত শিখা শৰ্মাক, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

Last Updated :Jun 16, 2023, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.