ETV Bharat / state

Sikha Sarma detained: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত শিখা শৰ্মাক, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

author img

By

Published : Jun 16, 2023, 11:02 AM IST

Updated : Jun 16, 2023, 11:13 AM IST

দিছপুৰ আৰক্ষীয়ে আটক কৰিলে সঘনাই বিতৰ্কৰ মাজত থকা শিখা শৰ্মাক ৷ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে শিখা শৰ্মা ৷

Detain Sikha Sarma
বিতৰ্কিত শিখা শৰ্মাক আটক

গুৱাহাটী, ১৬ জুন : অৱশেষত দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত শিখা শৰ্মা ৷ ফেচবুকত বিজেপি নেত্ৰী জোনালী নাথৰ সন্দৰ্ভত শিখা শৰ্মাই কৰিছিল আপত্তিজনক মন্তব্য । সামাজিত মাধ্যমত বিতৰ্কিত মন্তব্য কৰাৰ বাবেই দিছপুৰ আৰক্ষী থানাত শিখা শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ । সেই গোচৰৰ আধাৰতে বৃহস্পতিবাৰে নিশা মহানগৰীৰ নিজা বাসগৃহৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰে শিখা শৰ্মাক ৷

শেহতীয়া তথ্য অনুসৰি, শিখা শৰ্মাক যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে দিছপুৰ আৰক্ষীয়ে । পূৰ্বতেও বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰলৈ গৈছিল শিখা শৰ্মা । উল্লেখ্য যে, শিখা শৰ্মাই ফেচবুক পোষ্টৰ জৰিয়তে মৃত বিজেপি নেত্ৰী জোনালী নাথৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰিছিল । যাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ইয়াৰ পিচতে শিখা শৰ্মাৰ ফেচবুক পষ্টটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে মহিলা আয়োগ ৷ আনকি মহিলা আয়োগে বিভাগীয় কৰ্তৃপক্ষক এই ফেচবুক পোষ্টৰ তদন্ত বিচাৰে । আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল মহিলা আয়োগে ।

পৰৱৰ্তী পৰ্যায়ত এই অভিযোগৰ তদন্ত কৰি ৩ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিচাৰি বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰিছিল মহিলা আয়োগৰ অধ্যক্ষ হেমপ্ৰভা বৰঠাকুৰে । আয়োগৰ এই জাননী ৰাজহুৱা হোৱাৰ পিচতে ইয়াক লৈ বিভিন্ন প্ৰশ্নৰ উদ্বেগ ঘটিছিল ।

উল্লেখ্য যে, সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি চৰ্চাৰ শিৰোনাম দখল কৰি আহিছে শিখা শৰ্মাই ৷ ইতিমধ্যে তেওঁৰ বিৰুদ্ধে মহিলা আয়োগে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিবেদন বিচৰাক লৈ কাৰো মনত যেন দ্বিমত নাই ৷

আনহাতে, বিজেপি নেত্ৰী জোনালী নাথৰ মৃত্যুক ৰাজনৈতিক হত্যাকাণ্ড আখ্যা দিছে পৰিয়ালৰ লোকে । জোনালীৰ পৰিয়ালে এই ঘটনাৰ লগত জড়িত সকলো দোষীক শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি বিহাৰো দাবী জনায় ৷

লগতে পঢ়ক : BJP leader suspicious dead : আবেলিৰে পৰা পৰিয়ালে লাভ কৰা নাছিল মৃত জোনালী নাথৰ শুংসূত্ৰ

Last Updated :Jun 16, 2023, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.