Golai road accident : ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চাৰি, চিকিৎসাধীন এজন

By

Published : Jun 16, 2023, 12:53 PM IST

thumbnail

তিনিচুকীয়া, 16 জুন : তিনিচুকীয়া জিলাৰ ডিগবৈ গোলাইত বৃহস্পতিবাৰৰ মাজ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ শোকাৱহ দুৰ্ঘটনাটোত চাৰিজন লোক নিহত হয় । ডিগবৈৰ গোলাইৰ টাৰ্মিনেলৰ সন্মুখৰ পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ 

নম্বৰপ্লেটবিহীন চাৰিচকীয়া বাহনখনত দুগৰাকী মহিলাসহ তিনিজন পুৰুষ আছিল বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰি চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷ 

দুৰ্ঘটনাটোত এগৰাকী মহিলা, চালক আৰু এজন লোক থিতাতে নিহত হয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ সংকটজনক অৱস্থাত দুজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত সাধনা গুপে নামৰ এগৰাকী মহিলা মৃত্যুমুখত পৰে । দুৰ্ঘটনাটোত নিহত কেইজন ক্ৰমে জাগুণৰ অমৃত দত্ত, লিডু বজাৰৰ দিশা গুপে, সুভাষ গুপে আৰু সাধনা গুপে । 

আহত ৰতন গুপে বৰ্তমান ডিব্ৰুগড় হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে । দুৰ্ঘটনাত মৃত্যু ঘটা আটাইকেইজন লোক একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড়ৰ পৰা বিয়া খাই মাজনিশা ঘৰলৈ ঘূৰি গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়  ৷

লগতে পঢ়ক : Manipur Violence: ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জনৰ বাসগৃহত পেট্ৰ'ল বোমা নিক্ষেপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.