ETV Bharat / state

Neel Abhi mob lynching : নগাঁও আদালতত চলি আছে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি

নীল-অভি হত্যাকাণ্ডৰ পাঁচটা বছৰ সম্পূৰ্ণ হ’ল ৷ আজি নগাঁও আদালতত চলি আছে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি । এই হত্যাকাণ্ড গোচৰৰ অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত গ্ৰহণ কৰি থকা হৈছে ৷

Hearing of Abhi Neel mob lynching case
নীল-অভি হত্যাকাণ্ডৰ পাঁচটা বছৰ সম্পূৰ্ণ হ’ল

Published : June 12, 2023 at 2:18 PM IST

Choose ETV Bharat

নগাঁও, ১২ জুন : চাওঁতে চাওঁতে ৰাজ্য কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ পাঁচটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজি পৰ্যন্ত ন্যায় লাভ কৰা নাই নীল-অভিৰ পৰিয়ালৰ লোকে ৷ আজি অৰ্থাৎ সোমবাৰে নগাঁও আদালতত চলি আছে ২০১৮ চনৰ ৮ জুনতে সংঘটিত হোৱা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি ।

নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত এই হত্যাকাণ্ড গোচৰৰ অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি থকা হৈছে । ঘটনাৰ মুঠ সাক্ষী আছিল ৭১ গৰাকী । ৭০ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিচত আজি অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ চলি আছে নগাঁও আদালতত

উল্লেখ্য যে, সেউজীয়া প্ৰকৃতিৰ প্ৰতি অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ পাঁচ বছৰ পূৰ্বেই পাহাৰীয়া কাৰ্বি ভূমিলৈ গৈছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথ ৷ কিন্তু কাৰ্বি আংলং জিলাৰ ডকমকাত এদল উন্মাদপ্ৰায় লোকে গুৱাহাটীৰ দুই সম্ভ্ৰান্ত পৰিয়ালৰ পুত্ৰ নীল-অভিক সোপাধৰা বুলি সন্দেহ কৰিছিল ৷ তাৰ পাচতে ডকমকাত এদল দুস্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱা লগাত পৰিছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল আৰু অভিজিতে ৷

লগতে পঢ়ক : Abhi-Neel Murder Trial: নীল অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ

তাৰ পাচতে অতি নির্মমভাৱে দুই চফল ডেকাক হত্যা কৰা ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত চলি আছে ৷ তথ্য অনুসৰি, এই ঘটনাৰ সৈতে জড়িত ৪৭ জনকৈ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছে জেল হাজোতলৈ । বৰ্তমানো কাৰাবন্দী আটাইকেইজন অভিযুক্ত ।

আনহাতে, আদলতত তাঁতবাতি কৰি ভাগৰুৱা হৈ পৰিছে নীল-অভিৰ বৃদ্ধ পিতৃ-মাতৃ ৷ মাত্ৰ আজিও ন্যায় লাভৰ আশাত পনবন্দী নীল-অভিৰ দুৰ্ভগীয়া পিতৃদ্বয় তথা পৰিয়াল দুটা ৷ সমগ্ৰ ৰাজ্যবাসীয়েও বাট চাই আছে এতিয়া আদালতৰ শেষ ৰায়দানলৈ ৷

লগতে পঢ়ক : Neel Abhi murder : নীল-অভি হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ; পৰিয়ালে ন্যায় পাব কেতিয়া ?