ETV Bharat / state

Abhi Neel murder case update: চৰকাৰী সাক্ষীৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ

author img

By

Published : Jan 10, 2023, 10:40 AM IST

দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে (Abhi Neel murder case hearing)। ইয়াৰ মাজতে এগৰাকী চৰকাৰী সাক্ষীৰ বিৰুদ্ধে আদালতক অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে । সাক্ষী গৰাকীয়ে সাক্ষ্য দান নকৰাৰ বাবেই বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈছে ! কোন এইগৰাকী চৰকাৰী সাক্ষী ?

Abhi Neel Murder
চৰকাৰী সাক্ষীৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ

চৰকাৰী সাক্ষীয়ে আদালত অৱমাননাৰ অভিযোগ উত্থাপন

নগাঁও,১০ জানুৱাৰী : আজিও চূড়ান্ত হোৱা নাই ৰাজ্য কঁপোৱা কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া (Hearing of Abhi Neel mob lynching case)। এইবাৰ গোচৰটোৰ এগৰাকী চৰকাৰী সাক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে আদালত অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ । এগৰাকী চৰকাৰী সাক্ষীৰ অভাৱত বিচাৰ-প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰো অভিযোগ উত্থাপন হৈছে ।

নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশ আদালতত চলি থকা উক্ত হত্যাকাণ্ডৰ বিচাৰ-প্ৰক্ৰিয়া চলি আছে আৰু মুঠ ৭১ গৰাকী সাক্ষীৰ ভিতৰত এজন জুভেনাইল । ইতিমধ্যে ৬৯ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ সমাপ্ত হৈছে যদিও অন্তিম গৰাকী চৰকাৰী সাক্ষী তথা অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপ আৰক্ষী অধীক্ষক এগৰাকীয়ে আদালতত বিভিন্ন অজুহাত দেখুৱাই সাক্ষ্য গ্ৰহণৰ পৰা ৰহস্যজনকভাৱে বিৰত থকাৰ অভিযোগ কৰিছে ভুক্তভোগী ক্ৰমে অভিজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃদ্বয়ে (Contempt of prosecution witness to court)।

সোমবাৰে দুই পিতৃয়ে নগাঁও আদালত চৌহদত সংবাদ মাধ্যমত ক্ষোভ প্ৰকাশ কৰি কয় যে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে চৰকাৰী সাক্ষী হৈয়ো পা‍ঁচবাৰকৈ নিৰ্দিষ্ট আদালতত হাজিৰ নহ'ল । অৱশেষত এক হাজাৰ টকাৰ জামিন যুক্ত ৱাৰেন্ট আদালতে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে জাৰি কৰাৰ পাছত বিগত শুনানিৰ লগতে সোমবাৰৰ শুনানিতো কোনো কাৰণ নিদিয়াকৈ আদালতত হাজিৰ নহ'ল । যাৰ বাবে ভুক্তভোগীৰ পিতৃদ্বয়ে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে ৰহস্যৰ গোন্ধ পাইছে ।

তেওঁলোকৰ মতে আদালতে বাৰে বাৰে সাক্ষ্য গ্ৰহণ কৰিবলৈ উপস্থিত নথকা আৰক্ষী বিষয়াগৰাকী অহা তাৰিখত হাজিৰ হোৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব । এইদৰে অন্তিম তথা ৭০ নম্বৰ সাক্ষী আৰক্ষী বিষয়াগৰাকীয়ে আদালতত হাজিৰ নোহোৱাৰ বাবে পৰৱৰ্তী তাৰিখ আদালতে ঘোষণা কৰে । সেই অনুসৰি পৰৱৰ্তী শুনানিৰ দিন অহা ১৩, ২৭ আৰু ২৮ জানুৱাৰী ধাৰ্য কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি অঞ্চলত সংঘটিত হৈছিল মানৱ সমাজক লজ্জিত কৰা চূড়ান্ত অমানৱীয় ঘটনাটো (Dokmoka mob lynching)। পাহাৰীয়া জিলাখনৰ কাংথিলাংছ' জলপ্ৰপাতলৈ ২০১৮ চনৰ ৮ জুনত ফুৰিবলৈ যোৱা গুৱাহাটীৰ দুই যুৱক ক্ৰমে অভিজিত নাথ আৰু নিলোৎপল দাসক সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰ কৰি মৰিয়াই মৰিয়াই হত্যা কৰিছিল একাংশ মানৱৰূপী দানৱে ।

অভি-নীলৰ এই নিৰ্মম হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা সামাজিত মাধ্যমত বিয়পি পৰাৰ পাছত দেশৰ লগতে সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল (Abhi Neel Murder case)। লগতে ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছিল । উজনিৰ পৰা নামনিলৈকে অভি-নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কঁপাই তুলিছিল ৰাইজে । পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে এই গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত ৩৩/২০১৮ নম্বৰ গোচৰ ৰুজু কৰি তদন্তৰ গতিত ক্ষিপ্ৰতা প্ৰদান কৰি ৪৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।

ইয়াৰে এজন জুভেনাইল হোৱাত তেওঁক যোৰহাটস্থিত শিশু কাৰাগাৰত প্ৰেৰণ কৰা হৈছিল । তেওঁৰ বিচৰা প্ৰক্ৰিয়া জুভেনাইল জাষ্টিচ ফ'ৰামত চলি আছে । পৰৱৰ্তী সময়ত ৮০০ পৃষ্ঠা জোৰা এক অভিযোগনামা অতি কম দিনৰ ভিতৰতে ডকমকা আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষীয়ে ডিফু আদালতত দাখিল কৰে । ইপিনে, অভি-নীলৰ পিতৃ-মাতৃয়ে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা স্থানান্তৰ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা এক লেখ আবেদনৰ ভিত্তিতেই ২০১৮ চনৰ ৪ ছেপ্টেম্বৰত এই গোচৰটো নগাঁও আদালতলৈ বদলি কৰে ।

তদুপৰি, অসমবাসী ৰাইজৰ লগতে অভি-নীলৰ পৰিয়ালে এই গোচৰটো ফাৰ্ষ্ট্ৰ ট্ৰেক আদালতত চলাবলৈ দাবী জনোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ বিচাৰ ফাৰ্ষ্ট্ৰ ট্ৰেক আদালতত চলাবলৈ নগাঁও আদালতৰ জিলা আৰু সত্ৰ ন্যায়াধীশক নিৰ্দেশ প্ৰদান কৰিছিল ৷

লগতে পঢ়ক :Assam Arunachal Border Conflict : সীমা সমস্যাক লৈ আঠ ঘণ্টাজোৰা বৈঠকত ঐতিহাসিক সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.