ETV Bharat / state

Abhi-Neel Murder Trial: নীল অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ

author img

By

Published : Nov 15, 2022, 9:05 PM IST

অন্তিম পৰ্য্যায়ত নীল অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া (Abhi-Neel Murder Trial) । নগাঁও জিলা সত্ৰ ন্যায়ালয়ত চলি থকা বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাক লৈ আক্ষেপ নীল অভিৰ পিতৃৰ ।

Trial of Neel Abhi murder case allegedly slow
নীল অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ

নগাঁও, 15 নৱেম্বৰ: বলীউদৰ জনপ্ৰিয় ছবি ডামিনীত ছানী দেউলৰ মুখত ‘‘তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ’’ শীৰ্ষক সংলাপটো আপুনি নিশ্চয় শুনিছে (Tarikh pe tarikh dialogue) ৷ আদালতৰ ন্যায় প্ৰক্ৰিয়াক সমালোচনা কৰি ভুক্তভোগীয়ে ন্যায়ৰ নামত কেৱল এটাৰ পাচত আন এটা শুনানিৰ তাৰিখহে লাভ কৰে বুলি ছবিখনত উল্লেখ কৰে অধিবক্তাৰূপী ছানী দেউলে ৷ দেশৰ লগতে ৰাছিয়াতো চৰ্চিত হোৱা ডকমকাৰ অভি-নীল হত্যাকাণ্ডৰ বিচাৰৰ ক্ষেত্ৰতো যেন তেনেকুৱাই হৈছে ৷

চাৰি বছৰ উকলি গ’ল কিন্তু আজিও তাৰিখৰ পাচত তাৰিখ কেৱল শুনানিহে হৈ আছে এই গোচৰৰ (Dokmoka mob lynching) ৷ দেশ কপোৱা নীল অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ । উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত কাৰ্বি আংলংৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈছিল গুৱাহাটীৰ নিলোৎপল দাস আৰু অভিজিৎ নাথ ৷ কিন্তু ডকমকাত এদল উন্মাদপ্ৰায় লোকে নীল অভিক সোপাধৰা বুলি সন্দেহ কৰি নির্মমভাৱে হত্যা কৰিছিল (Neel Abhi mob lynching) ।

নীল অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ

সেই নিৰ্মম হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে ডিফু আদালতৰ বিপৰীতে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত সম্প্ৰতি বিচাৰাধীন । গোচৰটোৰ মুঠ ৭১ গৰাকী সাক্ষীৰ ৭০ নম্বৰ জন সাক্ষীৰ সাক্ষ্য মঙলবাৰে গ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে (Neel Abhi murder case hearing) । মঙলবাৰে বিপক্ষৰ অধিবক্তাই চলোৱা দীঘলীয়া জেৰাত সন্ধিয়ালৈকে সম্পূৰ্ণ হোৱা নাই সাক্ষ্যগ্ৰহণ । গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অন্তিম পৰ্য্যায়ত উপনীত হৈছে যদিও বিগত চাৰি মাহে মাত্ৰ চাৰিদিন শুনানি গ্ৰহণ কৰে সত্ৰ ন্যায়াধীশ আদালতে ।

অন্তিম পৰ্য্যায়ত বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত আক্ষেপ প্ৰকাশ কৰে নিলোৎপলৰ পিতৃয়ে । সত্ৰ ন্যায়াধীশ আদালতত চলা নীল অভিৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাটো দুখজনক আৰু চিন্তাজনক বুলি মন্তব্য কৰে নিলোৎপলৰ পিতৃয়ে । পৰৱৰ্তী শুনানিত পুনৰ ৭০ নম্বৰ সাক্ষীৰেই সাক্ষ্য গ্ৰহণ কৰিব নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে ।

লগতে পঢ়ক: কামপুৰত সোপাধৰাৰ সন্দেহত দুদিনৰ ভিতৰত দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.