Neel Abhi murder : নীল-অভি হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ; পৰিয়ালে ন্যায় পাব কেতিয়া ?

By

Published : Jun 8, 2023, 12:25 PM IST

thumbnail

নগাঁও, ৮ জুন : ২০১৮ চনৰ ৮ জুনতে সংঘটিত হৈছিল ৰাজ্য কঁপোৱা নীল-অভি হত্যাকাণ্ড (Neel Abhi mob lynching) । কিন্তু আজি পৰ্যন্ত ন্যায় লাভ কৰা নাই পৰিয়ালৰ লোকে (Horrific Abhi Neel incident)। পাঁচ বছৰ পূৰ্বেই পাহাৰীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল দুস্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে (Dokmoka mob lynching)।

ঘটনাত জড়িত ৪৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ । বৰ্তমানো কাৰাবন্দী আটাইকেইজন অভিযুক্ত । নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া । গোচৰটোৰ ৭১ জনকৈ সাক্ষীৰ ৭০ জনৰ সাক্ষ্য গ্ৰহণ ইতিমধ্যেই সম্পূৰ্ণ হৈছে (Neel Abhi murder case hearing) ।

শেষৰ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ চলি আছে নগাঁও আদালতত । ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিচত অভিযুক্তৰ ভাষ্য গ্ৰহণ কৰিব আদালতে । ৰাজ্য কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হ’ব, সেয়া এতিয়াও নাই কোনো নিশ্চিয়তা । সমগ্ৰ ৰাজ্যবাসীয়ে বাট চাইছে এতিয়া আদালতৰ ৰায়দানলৈ ৷

লগতে পঢ়ক : Abhi-Neel Murder Trial: নীল অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.