ETV Bharat / state

Anti Drug Mission in Nagaon: নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

author img

By

Published : Jan 24, 2022, 9:59 PM IST

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anti drug mission in Nagaon)। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ মোল্লাপট্টিৰ এটা ভাড়াঘৰত অভিযান চলাই ড্ৰাগছ, নগদ ধনসহ এটা ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰে ৷

Anti Drug Mission in Nagaon
নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত

নগাঁও, 24 জানুৱাৰী: এগৰাকী ছাত্ৰ নেতাক আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাক লৈ উত্তাল হৈ আছে নগাঁও (Nagaon Police encounter)। তাৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anti drug mission in Nagaon)। প্ৰাক্তন ছাত্ৰনেতাক গুলীওৱাৰ ঘটনাক লৈ সোমবাৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক একাংশই বদলিৰ দাবী উত্থাপন কৰাৰ সময়তে ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল খোদ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ।

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । সোমবাৰে বিয়লি হয়বৰগাঁও আৰক্ষী চকীৰ অধীনৰ মোল্লাপট্টিত অভিযান চলায় নগাঁও আৰক্ষীৰ দলটোৱে । নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে নগাঁৱৰ মোল্লাপট্টিৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছভৰ্তি 74 টা কন্টেইনাৰ আৰু নগদ ধনসহ এজন সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় (Drug peddler arrested in Nagaon)। সৰবৰাহকাৰীটোৰ নাম ছাদ্দাম হুছেইন ।

নগাঁৱৰ জুৰীয়াৰ পৰা নগাঁও চহৰৰ এটা ভাড়াঘৰত থাকি ড্ৰাগছৰ সৰবৰাহ কৰি আছিল সৰবৰাহকাৰীটোৱে । সোমবাৰে নগাঁও আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পিছতেই অভিযান চলায় মোল্লাপট্টিৰ ভাড়াঘৰটোত ।

লগতে পঢ়ক : FIR against Kirtikamal Bora : কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.