ETV Bharat / city

FIR against Kirtikamal Bora : কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

author img

By

Published : Jan 24, 2022, 7:17 PM IST

FIR against Kirtikamal Bora
FIR against Kirtikamal Bora

আৰক্ষীৰ গুলীত আহত কীৰ্তিকমল বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু (Nagaon police files FIR against Kirtikamal Bora)। কেইবাটাও ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ ৷ ইফালে কীৰ্তিকমল বৰাৰ পিতৃয়েও অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও দাখিল কৰিছে এজাহাৰ ।

নগাঁও, 24 জানুৱাৰী : আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে শেহতীয়াকৈ গোচৰ ৰুজু কৰিছে নগাঁও আৰক্ষীয়ে (Case registered against encounter victim Kritikamal Bora)। শনিবাৰে সন্ধিয়া নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ সদস্য এগৰাকীৰ গুলীত আহত হৈছিল প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা। আৰক্ষীৰ গুলীত কীৰ্তিকমল বৰা আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Police encounter in Nagaon)।

আহত কীৰ্তিকমল বৰা ড্ৰাগছ আসক্ত আছিল বুলি আৰক্ষীয়ে অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিনাদোষত কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীয়াই আহত কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে । ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আৰক্ষীৰ গুলীত আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ (Nagaon police files FIR against Kirtikamal Bora)। অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হয় নগাঁও সদৰ আৰক্ষী থানাত ।

ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৫৩/৩০৭ আৰু R/W Sec 21(A)/29 NDPS Actত ১৩০/২২ নম্বৰত গোচৰ ৰুজু হৈছে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে (FIR against Kirtikamal Bora)।

ইফালে প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কীৰ্তিকমল বৰাৰ পিতৃ নীলকমল বৰাই ৷ আৰক্ষীৰ গুলীত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আহত হোৱাক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়ত কীৰ্তিকমল বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা ঘটনাত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে সচেতন মহলত ।

নগাঁও আৰক্ষীৰ এনকাউন্টাৰৰ ঘটনাক লৈ ইতিমধ্যে প্ৰতিবাদমুখৰ হৈ পৰিছে জিলাখনৰ ছাত্ৰ সংগঠনসমূহৰ লগতে একাংশ লোক (Protest against police encounter in Nagaon)৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকো (Public criticized IPS Anand Mishra) এই ঘটনাৰ বাবে সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ পৰিকল্পিতভাৱে এজন নিৰ্দোষী যুৱকক আক্ৰমণ কৰা বুলি অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ৷ ইফালে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষী সাব্যস্ত হ’লে আৰক্ষীকো শাস্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰিছে ৷

লগতে পঢ়ক: গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.