ETV Bharat / health

এলোভেৰা বা ছালকুঁৱৰীৰে কেনেদৰে ল'ব ছালৰ যতন ? - Aloe vera for skin

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:33 PM IST

Aloe vera for skin: প্ৰাকৃতিক উপদানেৰে কেনেদৰে ল'ব ছালৰ যতন ৷ এলোভেৰা বা ছালকুঁৱৰীৰে কেনেদৰে ছালৰ যতন ল'ব পাৰি এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷

how-to-take-care-of-your-skin-at-home-with-aloe-vera-lets-know-from-beauty-expert-mala-mahanta
এলোভেৰা বা ছালকুঁৱৰীৰে কেনেদৰে ল'ব ছালৰ যতন ? (ETV BHARAT ASSAM)

গুৱাহাটী, 24 মে’: বৰ্তমান সময়ত প্ৰতিগৰাকী মহিলাই নিজকে সুন্দৰ কৰি ৰাখিবলৈ ভিন্ন ধৰণে যতন লয় ৷ ঘৰুৱা ভাৱেও বহুতে ভিন্ন ধৰণে যতন লোৱা পৰিলক্ষিত হয় ৷ ছালকুৱাৰীৰেও ঘৰুৱাও ভাৱে আপুনি আপোনাৰ ছালৰ যতন ল'ব পাৰে ৷ তাৰ বাবে আপোনাক লাগিব ৷

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত (ETV BHARAT ASSAM)

ছালকুৱাৰীৰ ৰস, এমুঠিমান কুমলীয়া চাহপাতৰ ৰস, মৌ ৷ এলোভেৰা সকলোৱে চিনি পায় বা বৰ্তমান সময়ত প্ৰায় ভাগ লোকৰ ঘৰতে এলোভেৰা থাকে ৷ প্ৰথমে এটুকুৰা দীঘলীয়া জোঙা মুখৰ এলোভেৰা ল'ব ৷ এলোভেৰা এটুকুৰা ভালদৰে ধুই তাৰ ভিতৰৰ জেলখিনি উলিয়াই ল'ব ৷ এই জেলখিনিৰ লগত মিহলাবলৈ আপোনাক প্ৰয়োজন হ'ব চাহপাতৰ ৰস ৷

চাহপাতৰ ৰসৰ বাবে প্ৰথমে এমুঠি মান কুমলীয়া চাহপাত ভালদৰে ধুই ল'ব ৷ তাৰপাছত সেইখিনি ভালদৰে উতলাই ল'ব ৷ তাৰপাছত সেই উতলোৱা চাহপাত খিনি ভালদৰে চেকি ল'ব ৷

ইয়াৰপাছত সেই চাহপাতৰ পানীখিনি , এলোভেৰা বা ছালকুঁৱৰীৰ ৰসখিনিৰ লগত ভালদৰে মিহলাই ল'ব আৰু তাৰলগত কেইটুপালমান মৌ মিহলাই ভালদৰে এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব ৷ মিশ্ৰণটো তৈয়াৰ হোৱাৰ পাছত ভালদৰে মুখ আৰু ডিঙিৰ ছালত লগাব ৷ এনেদৰে ১০ মিনিট মান সময় ৰাখি আঙুলিৰ মূৰেৰে লাহে লাহে ৰৈ যোৱা জেলখিনিৰে ৫ মিনিট মুখত মাচাজ কৰিব ৷ তেনেদৰে কৰাৰ পাছত পুনৰ ১০ মিনিট সময় ৰৈ দিব ৷ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত আপোনাক প্ৰয়োজন হ'ব প্ৰায় ২৫ মিনিট ৷

এই মিশ্ৰণখিনি ব্যৱহাৰৰ ফলত আপোনাৰ ছাল উজ্জ্বল হোৱাই নহয় বৰঞ্চ সতেজো হৈ পৰিব ৷ যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ সেয়ে প্ৰকৃতিৰ পৰা পোৱা এই উপাদানসমূহ ব্যৱহাৰ কৰি আপুনিও উজ্জ্বল ছালৰ গৰাকী হ’ব পাৰে ৷ কেতিয়াবা এলোভেৰা ছালত প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিছে ছালত খজুৱতি অনুভৱ হ’ব পাৰে সেয়ে ইয়াক লগোৱাৰ পিচত যদি আপুনি এনে অনুভৱ কৰে তেন্তে তৎক্ষণাত ইয়াক ধুই ল’ব ৷

লগতে পঢ়ক: শালমইনা আঁতৰাবলৈ ভুলতো নকৰিব এই কাম... - Skin Care tips
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.