শালমইনা আঁতৰাবলৈ ভুলতো নকৰিব এই কাম... - Skin Care tips

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 9:14 PM IST

Skin Care tips
শালমইনা আঁতৰাবলৈ ভুলটো নকৰিব এই কাম... ()

মুখত কিয় শালমইনা উঠে ? শালমইনাৰ সমস্যাৰ পৰা বাচিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? খাদ্যৰ ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? এই সন্দৰ্ভত জনালে চৰ্মৰোগ বিশেষজ্ঞা ডাঃ মধুস্মিতা লহকৰে...

শালমইনা আঁতৰাবলৈ ভুলটো নকৰিব এই কাম...

প্ৰায়ভাগ লোকেই এটা বয়সত শালমইনাৰ সমস্যাত ভোগা দেখা যায় । এগৰাকী ল’ৰা বা ছোৱালীৰ যেতিয়া যৌৱনপ্ৰাপ্তি হয় তেতিয়া হ'ৰমনৰ প্ৰভাৱত মুখত শালমইনা ওলোৱা দেখা পোৱা যায়। হ'ৰমনৰ প্ৰভাৱত আমাৰ মুখত চেবাম নামৰ এটা জুলীয়া পদাৰ্থৰ মাত্ৰা আমাৰ শৰীৰত বৃদ্ধি হয় । চেবামৰ মাত্ৰা বাঢ়ি যেতিয়া আমাৰ মুখলৈ আহে তেতিয়া ই মুখৰ ৰন্ধ্ৰবোৰ বন্ধ কৰাৰ বাবে এই জুলীয়া পদাৰ্থটো বাহিৰত ওলায় আহিব নোৱাৰে । যাৰ ফলত মুখত গুটি গুটি উঠে তাকে শালমইনা বুলি কোৱা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

শালমইনা হ’লে কেতিয়াও তাত নখ লগাব নালাগে । তাত নখ লগালে বা গুচাই দিলে সেয়া আৰু বিয়পি যায় । শালমইনাত Infection হ’লে কেতিয়াবা পকি যোৱা আৰু বিষোৱাও আদি সমস্যাও দেখা যায় । আনহাতে যি সকলৰ লোকৰ তেলেতীয়া ছাল হয় তেওঁলোকৰ মুখত শালমইনাৰ সমস্যা বেছি হোৱা দেখা যায় ।

শালমইনাৰ সমস্যাৰ পৰা বাচিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে-

১) শালমইনা উঠিলে তাত কেতিয়াও হাত লগাব নালাগে ।

২) যদি শালমইনাটো পকি যায় তেতিয়া কেতিয়াও নখেৰে ফুটাই দিব নালাগে । ফুটাই দিয়াৰ ফলত তাত দাগৰ সৃষ্টি হয় ।

৩) বজাৰত উপলব্ধ সকলো সামগ্ৰী মুখত ব্যৱহাৰ কৰিব নালাগে ।

৪) তেলেতীয়া ছালত গৰাকী সকলে Oil Control প্ৰসাধন সামগ্ৰীহে ব্যৱহাৰ কৰিব লাগে ।

৫) মুখখন সদায় চাফাকৈ ৰাখিব লাগে।

৬) বাহিৰৰ পৰা আহি সদায় ভালদৰে মুখ ধুব লাগে ।

৭) সদায় সময়মতে শুব লাগে ৷

খাদ্যৰ ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে-

শালমইনাৰ ওপৰত খোৱা খাদ্যৰো যথেষ্ট প্ৰভাৱ পৰে । নিয়মিত খাদ্য গ্ৰহণ কৰিব লাগে । বেছি তেল বা মছলাযুক্ত খাদ্য খাব নালাগে । বেছি মিঠা খাদ্যও খাব নালাগে । ফাষ্টফুড খাব নালাগে। লগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে ।

লগতে পঢ়ক: শালমইনাৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ? পঢ়ক বিশেষ টিপছ - How To reduce acne pain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.