ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 9, 2022, 1:01 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধুলিয়াৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপতগ্ৰহণ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধুলিয়া(Gauhati HC CJ Dhulia take oath as SC judge) ই ৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ন্যায়ালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ধুলিয়া আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্ডিৱালাক শপত বাক্য পাঠ কৰোৱায় ।

ডিলাইত ১৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ: আটক 2

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে এটাৰ পাছত আন এটা সফলতা ৷ এইবাৰ আৰক্ষীয়ে কাৰ্বি আংলঙৰ ডিলাইত অভিযান চলাই লাভ কৰে বৃহৎ সফলতা(Karbi Anglong police seized heroin) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি শুভেচ্ছা জনায় অসম আৰক্ষীক ৷

Priyanka Chopra Nick Jonas baby: অৱশেষত ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ জীয়েক

মাতৃ দিৱস দিনাই জীয়ৰী মালতী মেৰীৰ প্ৰথম আভাস দিলে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই (Priyanka Chopra Nick Jonas baby) । নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিট(Neonatal Intensive Care Unit)ত 100 দিন ভৰ্তি হৈ থকাৰ পিছত প্ৰিয়ংকা-নিকে প্ৰথমবাৰলৈ ঘৰলৈ আনিছে সন্তানটিক ।

আছানী সন্দৰ্ভত ওড়িশা, পশ্চিমবংগত হাই এলাৰ্ট জাৰি

বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ আছানী(Asani intensifies into severe cyclonic storm)য়ে সোমবাৰে প্ৰৱেশ কৰিব ওড়িশা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলত ৷ যাৰ বাবে দুয়োখন ৰাজ্যতে প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷

বিটিআৰ চৰকাৰ ভঙা-পতাৰ ৰাজনীতিক লৈ উত্তাল বড়োভূমি

প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰ শক্তিশালীভাৱেই চলি আছে ৷ সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰিলে বিজেপিৰ যুৱ নেতা তথা কাৰ্যবাহী সদস্য গৌতম দাসে(Press meet of BTR EM Gautam Das) ৷

আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাগিৰিত লিপ্ত হোৱা বুলি অভিযোগ তুলি ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক সংগঠনটোৱে মৃত্যুদণ্ড বিহা ঘটনাক (ULFA I killed alleged spy in camp) লৈ দেওবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয়, আলফাৰ এইটো আভ্যন্তৰীণ বিষয়,ইয়াত অসম আৰক্ষীৰ কোনো সম্পৰ্ক নাই ।

গুৱাহাটীত বিশ্ব ৰেডক্ৰছ দিৱস পালন

বিশ্ব ৰেডক্ৰছ দিৱসৰ উপলক্ষ্যে দেওবাৰে ভাৰতীয় ৰেডক্ৰছ ছ’চাইটীৰ গুৱাহাটী জিলা শাখাৰ উদ্যোগত বিশ্ব ৰেডক্ৰছ দিৱস উদযাপন কৰা হয়(World Red Cross Day celebrated in Guwahati) ৷ সমগ্র বিশ্বৰ লগতে গুৱাহাটীতো আন্তঃৰাষ্ট্ৰীয় মানৱসেৱী অনুষ্ঠান ৰেডক্ৰছৰ প্রতিষ্ঠাতা জিন হেনৰী ডুনান্টক স্মৰণ কৰা হয় ।

প্রমূল্যবােধৰ বার্তা বহন কৰা শিক্ষাৰ দ্বাৰাহে দ্রুত সামাজিক উন্নয়ন সম্ভৱ : মুখ্যমন্ত্রী

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ সােণালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM in LCB college) । প্রতিযােগিতামুখী বিশ্বত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দক্ষতা আৰু যােগ্যতা প্রমাণ কৰিব লাগিলে বহুমুখী জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগিব।

এবছৰীয়া কাৰ্যকালক ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা হিচাপে অভিহিত মুখ্যমন্ত্রীৰ

মিত্রদল অগপৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা অভিনন্দন অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa at AGP's felicitation ceremony ) । পৌৰ সভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হোৱা অগপৰ প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন । বিজেপি মিত্রজোঁটৰ ৰাজনৈতিক সমৰ্থন বৃদ্ধি পাইছে (Political support for BJP and allies in Assam) আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বী নোহোৱা হৈছে । ৰাইজে আস্থা আৰু বিশ্বাসত লোৱাৰ লগে লগে দায়বদ্ধতা বৃদ্ধি পাইছে ।

গৃহমন্ত্ৰী আহি আছে; মহানগৰীৰ ৰাজপথত কেতবোৰ বাহন চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ

৯ মে'ত অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah to Assam on May 9) । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৰাজ্য চৰকাৰৰ । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ ৰাজপথত কেতবোৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.