ETV Bharat / state

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ লখিমপুৰৰ যুৱক

author img

By

Published : Mar 21, 2022, 8:50 PM IST

কৰ্মসংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত অসমৰ বহু যুৱক নিৰুদ্দেশ হোৱা নাইবা অকাল মৃত্যুক সাবতি লব লগীয়া হোৱা ঘটনা নতুন কথা নহয় । প্ৰায়েই এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিয়েই আহিছে । শেহতীয়াকৈ পুনৰ তেনে এক ঘটনাই জোকাৰি গৈছে লখিমপুৰক (Lakhimpur youth missing in outer state) ।

missing assam youth missing in outstate
পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ লখিমপুৰৰ যুৱক

লখিমপুৰ,২১ মাৰ্চ: কৰ্ম সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত অসমৰ বহু যুৱক নিৰুদ্দেশ হোৱা নাইবা অকাল মৃত্যুক সাবতি লব লগীয়া হোৱা ঘটনা নতুন কথা নহয় । প্ৰায়েই এনে ঘটনাৰ পুনৰাবৃত্তি ঘটি আহিছে । শেহতীয়া কৈ পুনৰ তেনে এক ঘটনাই জোকাৰি গৈছে লখিমপুৰক । এইবাৰ কৰ্ম সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত নিৰুদ্দেশ লখিমপুৰৰ প্ৰসন্ন শইকীয়া নামৰ যুৱক জন (Lakhimpur youth missing in outer state) ।

যাৰ বাবে এতিয়া পৰিয়ালটোত লাগিছে হাহাকাৰ । লখিমপুৰৰ চাবুকধৰা গোহাঁই গাঁৱৰ গোলোক শইকীয়াৰ পুত্র প্ৰসন্ন শইকীয়া নামৰ যুৱকজনে তেওঁৰ পূৰ্বৰ কৰ্মস্থলী চেকেন্দ্ৰাবাদলৈ বুলি যোৱা ১৭ মাৰ্চত গুৱাহাটীৰ পৰা ৰেলত উঠিছিল । একেখন ৰেলতে আন এটা দবাত গৈছিল তেওঁৰ আন দুজন লগৰীয়া তনু শইকীয়া আৰু যদু বৰ্মন ।

কিন্ত দ্বিতীয় দিনা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে প্ৰসন্নৰ । গন্তব্য স্থানতো উপস্থিত নহল প্ৰসন্ন । তেওঁ আদ বাটতে নিৰুদ্দেশ হৈ পৰে । ইফলে লগৰ দুজনেও প্ৰসন্নৰ নিৰুদ্দেশ সম্পর্কে একো তথ্য দিব পৰা নাই ।

পৰিয়ালৰ লোকে এই সম্পর্কে লখিমপুৰ সদৰ থানাত অৱগত কৰিছে যদিও আৰক্ষীয়ে অভিযোগ লবলৈ মান্তি হোৱা নাই । বিপৰীতে চেকেন্দ্ৰাবাদৰ আৰক্ষীৰে যোগাযোগ কৰিবলৈহে পৰামর্শ দিয়ে । যাৰ বাবে এটিয়া পৰিয়ালটোত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । পত্নী সহ দুই কণমানি সন্তানক এৰি নিৰুদ্দেশ হৈ পৰা প্ৰসন্নক উদ্ধাৰ কৰিবলৈ পৰিয়ালটোৱে চৰকাৰ তথা মুখ্যমন্ত্রীক জনাইছে কাতৰ আহ্বান ।

লগতে পঢ়ক: ঘৰৰ পৰা উঠাই আনি মৰিয়াই মৰিয়াই হত্যা এজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.