ETV Bharat / state

ঘৰৰ পৰা উঠাই আনি মৰিয়াই মৰিয়াই হত্যা এজনক

author img

By

Published : Mar 21, 2022, 2:33 PM IST

পুনৰ ৰাজ্যত সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা । চামগুৰিৰ বৰদলত দেওবাৰে নিশা গণপ্ৰহাৰৰ ফলত মৃত্যু হয় এজন লোকৰ(One killed in mob attack in Nagaon) । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

One killed in mob attack in Nagaon
নগাঁৱত গণপ্ৰহাৰত নিহত এজন

চামগুৰি, 21 মাৰ্চ : নগাঁও জিলাত ক্ৰমশঃ অৱনতি ঘটিছে আইন-শৃংখলা জনিত পৰিস্থিতিৰ(Law and order in Nagaon District) । এইবাৰৰ স্থান হৈছে চামগুৰি । চামগুৰিৰ বৰদলত দেওবাৰে নিশা গণপ্ৰহাৰৰ ফলত এজন স্থানীয় লোকৰ মৃত্যু হয় । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰে চেঁপা উত্তেজনাই(Tense situation in Nagaon after man dies in mob lynching) ।

এঘৰৰ পুখুৰীৰ মাছ চুৰি কৰাৰ অভিযোগত বৰদলৰ মালাকী খালখ' নামৰ লোকজনৰ ঘৰত নিশা একাংশ লোক উপস্থিত হৈ বাসগৃহৰ সন্মুখ ভাগ লণ্ডভণ্ড কৰাৰ লগতে ৰুগীয়া পিতৃক শাৰীৰিকভাৱে অপদস্থ কৰে । পৰৱৰ্তী সময়ত লোককেইজনে অভিযুক্ত মালকীক আৰক্ষীৰ হাতত গটাই দিম বুলি ঘৰৰ পৰা উঠাই আনি সমীপৰে তিনিআলিত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে ভুক্তভোগী মালকীৰ পৰিয়ালে (Mob lynching in Nagaon)।

গণপ্ৰহাৰত নিহতৰ আত্মীয়

গণপ্ৰহাৰৰ পিছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মালকীক মূৰ্মূৰ্ষ অৱস্থাত লোককেইজনে ঘৰত পেলাই থৈ যায় যদিও শেষ নিশালৈ নিজা বাসগৃহতে মৃত্যুক সাৱতি লয় দুৰ্ভগীয়া মালকীয়ে । এই সমগ্ৰ ঘটনাৰ সৈতে মহন্ত, টিকু, পদুম, পবিত্ৰ, মণিকে ধৰি কেইবাজনো যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে মৃত মালকীৰ পৰিয়ালৰ লোকে ।

পুৱা চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মালকীৰ মৃতদেহ উদ্ধাৰ কৰি সমগ্ৰ গণপ্ৰহাৰ কাণ্ডৰ সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে । ইফালে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত বিভিন্ন চুৰিকাণ্ড সংঘটিত কৰি অহাৰ অভিযোগ আছিল মৃত মালকীৰ বিৰুদ্ধে । আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্যৰ লগতে ঘটনাৰ লগত জড়িতসকলৰ পৰিচয় ৷

লগতে পঢ়ক : Tripura mob lynching: বলৰাম দেবনাথৰ হত্যাৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.