ETV Bharat / bharat

Tripura mob lynching: বলৰাম দেবনাথৰ হত্যাৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Feb 11, 2022, 1:05 PM IST

Updated : Feb 11, 2022, 4:29 PM IST

অৱশেষত গ্ৰেপ্তাৰ হ'ল মেলাঘৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত (3 accused involved in Melaghar murder arrested)। চোকা অস্ত্ৰৰ আঘাতত মৃত্যু হৈছিল বলৰাম দেবনাথৰ । মেলাঘৰ আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

Tripura mob lynching
বলৰাম দেবনাথৰ হত্যাৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

আগৰতলা,১১ ফেব্ৰুৱাৰী : ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ সোনামুৰা মহকুমাত চাঞ্চল্যকৰ হত্যাকাণ্ড । চোকা অস্ত্ৰৰ আঘাতত মৃত্যু বলৰাম দেবনাথ নামৰ এজন লোকৰ । ঘটনা সন্দৰ্ভত অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে ৮ ফেব্ৰুৱাৰীত সংঘটিত হৈছে এই ঘটনাটো ।

বলৰাম আৰু তেওঁৰ পৰিয়ালে সজীৱ বৰ্মন নামৰ এজন লোকৰ ঘৰত বিপদ নাশিনী পূজাৰ বাবে গৈছিল । কিন্তু সজীৱ বৰ্মনৰ ঘৰৰ সমীপত পংবাৰী কেমটল পথত প্ৰসেনজিৎ নামা নামৰ এজন লোকে বলৰাম দেবনাথৰ ওপৰত আক্ৰমণ কৰিছিল । চুৰিৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হৈছিল বলৰাম আৰু সজীৱ বৰ্মন ।

দুয়োজনকে মেলাঘৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও বলৰাম দেবনাথৰ মৃত্যু হয় (Balram Debnath killed in Tripura mob lynching)। এই খবৰ পোৱাৰ লগে লগে মেলাঘৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

তদন্তৰ মাজতে আৰক্ষীয়ে তিনিজন অভিযুক্তক আটক কৰে (3 accused involved in Melaghar murder arrested)। আটকাধীন লোক কেইজন ক্ৰমে প্ৰসেনজিৎ নামা, ৰতন নামা আৰু বাদল নামা । কিন্তু কিহৰ বাবে লোককেইজনে বলৰামৰ ওপৰত আক্ৰমণ কৰিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ।

লগতে পঢ়ক :Delhi Police rescues girl of Assam: বহিঃ ৰাজ্যত উদ্ধাৰ অসমৰ যুৱতী

Last Updated : Feb 11, 2022, 4:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.