ETV Bharat / state

Flood in Lakhimpur: লখিমপুৰৰ বন্যাৰ্তৰ কাষত জন প্ৰতিনিধিৰ দল; প্ৰয়োজনীয় সহায়ৰ আশ্বাস

author img

By

Published : Jun 14, 2023, 9:30 PM IST

Assam flood story
Flood in Lakhimpur

বছৰৰ প্ৰথমটো বানে বুৰালে লখিমপুৰ আৰু ধেমাজি জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ লখিমপুৰৰ নাওবৈচাত শিঙৰা নৈৰ বানে ছিঙিলে মথাউৰি ৷ প্লাৱিত 20 খনৰো অধিক গাঁও ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

লখিমপুৰৰ বন্যাৰ্তৰ কাষত জন প্ৰতিনিধিৰ দল

লখিমপুৰ, ১৪ জুন: বুধবাৰে দিনৰ ভাগত লখিমপুৰৰ নাওবৈচা দলহাটত মথাউৰি ছিঙি শিঙৰা নদীৰ বাঢ়নী পানীৰে সৃষ্টি কৰে তাণ্ডৱৰ ৷ বিয়লি পৰ্যন্ত লখিমপুৰৰ কুৰিখনৰো অধিক গাঁও প্লাৱিত হয় বছৰৰ প্ৰথমটো বানত । জিলাখনত সৃষ্টি হোৱা এনে জলপ্ৰলয়ৰ খবৰ লাভ কৰাৰ পাচতেই মুখ্যমন্ত্রীয়ে দিয়া নিৰ্দেশ মৰ্মে বানাক্ৰান্ত অঞ্চলত তৎকালীনভাৱে উপস্থিত হয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, জিলা আয়ুক্ত সুমিত সাত্তাৱনসহ প্ৰশাসনীয় বিষয়া বৰ্গ ।

অঞ্চলটোৰ বান পৰিস্থিতি আৰু বানাক্ৰান্ত লোকসকলৰ অৱস্থাৰ বুজ লৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে সাংসদ প্ৰদান বৰুৱাই । তেওঁ সাংবাদিকৰ আগত কয় যে, সদ্যহতে অঞ্চলটোত উদ্ধাৰ অভিযানত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ৷ খুব কম সময়ৰ ভিতৰতে চৰকাৰে ঘৰ-দুৱাৰ ভগা সকলৰ ক্ষতিপূৰণৰ বাবে ব্যবস্থা গ্রহণ কৰিব । বিজেপি দলৰ কাৰ্যকৰ্তা সকলক এই দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Flood In Lakhimpur: লখিমপুৰত বানৰ তাণ্ডৱ, শিঙৰা নদীৰ ছিগিল মথাউৰি

বানত প্লাৱিত হোৱা অঞ্চলত জিলা আয়ুক্তই নিজেই তদাৰক কৰিছে উদ্ধাৰ অভিযান । জলসম্পদ বিভাগে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰাৰ বাবে ইতিমধ্য়েই প্ৰস্তুতি চলাইছে । ৰাজহ চক্র বিষয়াকে আদি কৰি প্ৰশাসনীয় বিষয়াসকলে অঞ্চলটোত উপস্থিত হৈ বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে ।

দুই এদিনতে বিভাগীয় মন্ত্রীও এই অঞ্চললৈ আহিব বুলি উল্লেখ কৰি সাংসদ বৰুৱাই কয় যে, মুখ্যমন্ত্রীয়ে ইতিমধ্যে ক্ষয়-ক্ষতি, উদ্ধাৰ, খাদ্য-সামগ্রী, আশ্রয় আদিত সৰ্বাধিক গুৰুত্ব দিবলৈ তেওঁ লোকক নিৰ্দেশ দিছে । বালিয়া কোমল মাটিৰ বাবে এই এলেকাৰ চাপৰ মথাউৰিটো নদীখনে ছিঙিবলৈ সুবিধা পালে বুলি মত ব্যক্ত কৰে সাংসদ বৰুৱাই ।

হঠাৎ সৃষ্টি হোৱা প্ৰৱল বৰষুণৰ বাবে মথাউৰি সমূহৰ ক’ত গুৰুত্ব দি সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰিব লাগিব সেয়া নিৰীক্ষণ কৰিবলৈ সুযোগ নেপালে বুলিও স্বীকাৰ কৰে সাংসদগৰাকীয়ে ।

উল্লেখ্য যে, কেৱল লখিমপুৰেই নহয় ৷ জেঠৰ শেষছোৱাতে বছৰৰ প্ৰথমটো বানে ধুৱাই গ’ল ধেমাজি জিলাকো ৷ যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাংকু সুঁতিৰ বাঢ়নী পানীৰ কবলত পৰে ধেমাজি জীয়াঢলৰ বিভিন্ন গাঁও ৷ বুধবাৰে বিয়লি ভাগত জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীয়ে বুৰাই পেলাই জীয়াঢল চাৰিআলিৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

লগতে পঢ়ক: Flood in Dhemaji: ধেমাজিত জীয়াঢলৰ কাংকু সুঁতিয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল

অকস্মাৎ হোৱা এই বাঢ়নী পানীৰ ফলত আহুকালত পৰে ধেমাজি আৰু আৰু লখিমপুৰ দুয়োখন জিলাৰে লোকসকল ৷ হঠাৎ পানীৰ ঢল সোমাই অহাত ঘৰৰ সা-সামগ্ৰীৰো সুৰক্ষা দিব নোৱাৰিলে এইসকল বন্যাৰ্তই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.