Flood in Dhemaji: ধেমাজিত জীয়াঢলৰ কাংকু সুঁতিয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল

By

Published : Jun 14, 2023, 8:46 PM IST

Updated : Jun 14, 2023, 9:07 PM IST

thumbnail

ধেমাজি, 14 জুন: বছৰৰ প্ৰথমটো বানত বুৰিল ধেমাজি জীয়াঢলৰ বিস্তীৰ্ণ অঞ্চল ৷ যোৱা দুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীৰ কবলত পৰিল ধেমাজি জীয়াঢলৰ বিভিন্ন গাওঁ ৷

বুধবাৰে বিয়লি ভাগত অহা জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানী ধেমাজি জীয়াঢল চাৰিআলিৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰে ৷ তদুপৰি হেচুলি, চেচাঁসহ ,ন-আলি, ভজো গাওঁ , আমূলগুৰি , জালভাৰী আদি গাৱঁৰ পথাৰ আৰু বাসগৃহৰ চোতাল প্লাৱিত কৰিছে বাঢ়নী পানীয়ে ৷ অবশ্যে এই পৰ্যন্ত বানপীড়িত ৰাইজৰ ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই যদিও এই বাঢ়নী পানীয়ে বৃহত্তৰ অঞ্চলটোৰ কৃষি ভূমি ,ৰাস্তা পদূলি আৰু বিভিন্ন বাসগৃহৰ চোতাল বুৰাই পেলাইছে ৷

লগতে পঢ়ক: Lower Subansiri Hydroelectric Project : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি

Last Updated : Jun 14, 2023, 9:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.