ETV Bharat / state

Flood In Lakhimpur: লখিমপুৰত বানৰ তাণ্ডৱ, শিঙৰা নদীৰ ছিগিল মথাউৰি

author img

By

Published : Jun 14, 2023, 4:53 PM IST

লখিমপুৰত শিঙৰা নৈয়ে মথাউৰি ছিঙি সৃষ্টি কৰিছে জলপ্ৰলয় ৷ লখিমপুৰত বছৰটোৰ প্ৰথমটো বানত হাহাকাৰ পৰিস্থিতি ৷

Flood In Lakhimpur
লখিমপুৰত আৰম্ভ হ’ল বানৰ তাণ্ডৱ

লখিমপুৰত শিঙৰা নৈয়ে মথাউৰি ছিঙি সৃষ্টি কৰিছে জলপ্ৰলয়

লখিমপুৰ, 14 জুন: লখিমপুৰত আৰম্ভ হ’ল বানৰ তাণ্ডৱ ৷ শিঙৰা নৈয়ে মথাউৰি ছিঙি সৃষ্টি কৰিছে জলপ্ৰলয় ৷ বানত ডুবিল বহু পৰিয়ালৰ ঘৰ-বাৰী বুৰ গল ৷

লখিমপুৰত বছৰটোৰ প্ৰথমটো বানত হাহাকাৰ পৰিস্থিতি ৷ লখিমপুৰ দ'লহাটত ছিগিল শিঙৰা নৈৰ মথাউৰি ৷ বুধবাৰে দুপৰীয়াৰ ভাগত নদীখনে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ’লহাট বজাৰ সংযোগী পথৰ কাষত মথাউৰিটো শলমৰীয়াৰ সমীপত প্ৰায় 40 মিটাৰ ছিঙি পোন্ধৰখনতকৈয়ো অধিক গাঁও বুৰাই পেলায় ৷

অকস্মাতে নদীখনে সৃষ্টি কৰা জলপ্ৰলয়ত ৰাইজে উৱাদিহ হেৰুৱা লগীয়া হয় ৷ নদীখনৰ এই আকস্মিক সংহাৰত শলমৰীয়াত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় ৷ হঠাতে অহা বানে মূহুৰ্তৰ ভিতৰতে বুৰাই পেলালে বহু লোকৰ ঘৰ-দুৱাৰ ৷ মথাউৰি ছিঙি একমাত্ৰ মূল ৰাজপথৰ ওপৰেৰে প্ৰচণ্ড সোঁতেৰে এতিয়া পানী বগৰিছে ৷ শিঙৰা নদীয়ে সৃষ্টি কৰা বানৰ এই তাণ্ডবত ঘৰ-দুৱাৰ এৰি ওখ স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্ত ৰাইজে ৷

উল্লেখযোগ্য যে, নদীখনে অকস্মাতে মথাউৰি ছিঙি এনে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ বাবে ক্ষয়-ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে ৷ মূহুৰ্ততে বানে এফালৰ পৰা গাঁও সমুহ বুৰাই নিয়াৰ ফলত ৰাইজে সা-সম্পত্তি, পশুধন উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷ বিশেষকৈ পথাৰত এৰাল দিয়া গৰু-ছাগলী, ঘৰৰ হাঁহ-কুকুৰা সকলো বানত উটি যায় ৷ উল্লেখ্য যে, যোৱা দুদিনমানৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ নদী সমূহৰ জলস্তৰ বৃদ্ধি হৈছে ৷ যাৰ বাবে আজি আকস্মিকভাৱে অহা বানে সংকটৰ সৃষ্টি কৰে ৷

ইফালে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰাও এদিনৰ পূৰ্বে লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হৈছে ৷ প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে প্ৰকল্পৰ গেট খুলি দিয়া হ’ব পাৰে বুলি সতৰ্কবাৰ্তা দিয়া হৈছে ৷ সেয়ে হ’লে প্ৰকল্পৰ পৰা পানী এৰি দিলে ৰঙানদীয়েও জিলাখনত তাণ্ডব সৃষ্টি কৰাৰ সম্ভাৱনা আছে ৷ কিয়নো প্ৰতিবছৰেই লখিমপুৰ জিলাত এনেবোৰ কাৰণতে ৰাইজে বানত ককবকাই থাকিবলগীয়া হোৱাৰ লগতে সা-সম্পত্তি, শস্যৰ ভঁৰাল, খেতি-পথাৰৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছে ৷

লগতে পঢ়ক: Cyclone Biparjoy : গুজৰাটৰ উপকূলৱৰ্তী ১০ কিলোমিটাৰলৈকে খালী কৰাৰ লক্ষ্য প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.