ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 30, 2022, 12:59 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

DU ragging controversy: ৰেগিং কাণ্ডত নাম সাঙোৰ খাইছে নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদকৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত এইবাৰ নাম সাঙোৰ খাইছে নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ (Allegation against new GS of Dibrugarh University) । ৰেগিঙৰ পিছতে আনন্দ শৰ্মাৰ মোবাইল কাঢ়ি নিছিল উজ্জ্বল অংকুৰে । এই কথা অৱগত কৰিছে আনন্দ শৰ্মাৰ পৰিয়ালে (Dibrugarh University ragging controversy)।

DU ragging incident: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক আটক

পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ ৰেগিং কাণ্ডৰ অন্যতম মূল অভিযুক্ত শুভ্ৰজিৎ বৰুৱা আৰক্ষীৰ জালত (DU ragging accused detained) ৷ নিশা ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষীয়ে টিংখাঙৰ নেমুপথাৰৰ পৰা আটক কৰে অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক (Dibrugarh University ragging incident) ৷

Pathetic condition of Kokrajhar RNB Hospital: আৰ এন বি চিকিৎসালয়ৰ দুৰৱস্থা, হতবাক বিধান পৰিষদৰ স্থায়ী কমিটি

কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ বৰ্তমানৰ অৱস্থা অতি পুতৌ লগা (Pathetic condition of Kokrajhar RNB Hospital)। হাস্পতালৰ ভিতৰৰ কদৰ্য ৰূপ দেখি আচৰিত বিটিআৰ বিধানপৰিষদৰ স্থায়ী কমিটি । খোদ শাসকীয় পক্ষৰ নেতাই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে ।

Moran JNV controversy: শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা ছাত্ৰক ছমাহৰ বাবে ঘৰলৈ যোৱাৰ নিৰ্দেশ JNV কৰ্তৃপক্ষৰ

মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি (Tension grips Moran JNV) ৷ শিক্ষয়িত্ৰীক প্ৰহাৰৰ অভিযোগত ২২ গৰাকী ছাত্ৰক ঘৰলৈ যাবলৈ নিৰ্দেশ দিয়াৰ পিছতে উদ্ভৱ হয় এই পৰিস্থিতিৰ (Moran JNV controversy) ৷ ঘৰলৈ যাবলৈ অমান্তি হৈছিল অভিযুক্ত ছাত্ৰকেইজন ৷

Wild elephants destroy crops: মাজুলীৰ টিকৰাই চাপৰিত বন্যহস্তীৰ উপদ্ৰৱ, কৃষকৰ মাজত হাহাকাৰ

মাজুলীৰ চৰাঞ্চলত যোৱা দুটা মাহ ধৰি প্ৰায় ১০০ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে (Wild elephants destroy crops) ৷ এই হাতীৰ জাকটোৰ মাজৰেই পাঁচ-ছয়টা হাতীয়ে জাকটোৰ পৰা ফালৰি কাটি টিকৰাই, দৰবাৰ আৰু আমগুৰি চাপৰি পাইছেহি ।

Darrang Police against criminals: অপৰাধীৰে ভৰিছে মঙলদৈ আৰক্ষী থানা

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অধিক সষ্টম দৰং আৰক্ষী ৷ বিগত দুটা দিনত ধাৰাবাহিক অভিযান চলাই সফলতা লাভ দৰং আৰক্ষীৰ ৷ অভিযানকালত বিভিন্ন স্থানৰ পৰা আটক প্ৰায় কুৰিটা অপৰাধী ৷

Neymar injury update: অনিশ্চয়তাত আঘাতপ্ৰাপ্ত নেইমাৰৰ দললৈ প্ৰত্যাৱৰ্তন

শুকুৰবাৰে গ্ৰুপ G ৰ কেমেৰুণৰ বিৰুদ্ধে থকা ব্ৰাজিলৰ মেচখনত খেলিবলৈ নেইমাৰ সময়মতে সুস্থ হৈ উঠিব নোৱাৰিব বুলি ৰড্ৰিগো লাছমাৰে কয় (Neymar to miss Brazils last group match)। নেইমাৰ পুনৰ খেলপথাৰলৈ উভতি অহাৰ কোনো সময়সূচী দিয়া নাই লাছমাৰে (Neymar injury update) ৷ খেলুৱৈগৰাকী আচলতে খেলৰ বাবে সুস্থ হ’ব নে নাই সেই কথাও কোৱা নাই চিকিৎসকে ।

PLA cader arrested: মণিপুৰত আছাম ৰাইফলছৰ অভিযানত গ্ৰেপ্তাৰ পি এল এ কেডাৰ

মণিপুৰত আটক এজন সক্ৰিয় পিএলএ কেডাৰ (PLA cader arrested) ৷ আছাম ৰাইফলছৰ 21 ছেক্টৰ মুখ্য কাৰ্যালয় শ্ৰীকোনা বেটেলিয়নৰ নেতৃত্বত মণিপুৰ কমাণ্ডোৰ সৈতে চলোৱা যৌথ অভিযানত আটক হয় কেডাৰজন ৷

Assembly all party leader visits Dhubri : ধুবুৰীত অসম বিধানসভাৰ সৰ্বদলীয় বিধায়িনী দল

উজনি-নামনিৰ ভোট বেংকৰ ৰাজনীতিৰ অৱসান ঘটোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে । তাৰ অংশস্বৰূপে অসম বিধানসভাৰ ৪ জনীয়া সঁজাতি দল এটা ধুবুৰীত উপস্থিত হৈ জিলাখনৰ আৰ্থ-সামাজিক দিশৰ গ্ৰাউণ্ড জিৰ' ৰিপ'ৰ্ট সংগ্ৰহ কৰে (Socio economic aspects of Dhubri)। নামনি অসমৰ বিভিন্ন সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি থকা অপৰাধজনিত ঘটনা আদিৰ বিষয়েও আলোচনা কৰে দলটোৱে ।

Annual Session of AJYCP: দুদিনীয়া কাৰ্যসূচীৰে AJYCP ৰ যোৰহাট সমিতিৰ অধিবেশন আৰম্ভ

যোৰহাট জিলাৰ কাকজান গাড়োৱালচুঙীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ বিংশতিতম দ্বিবাৰ্ষিক অধিবেশন (Annual Session of Jorhat AJYCP at Teok) । এই অধিবেশনতে গঠন হ'ব নতুন জিলা সমিতিখন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.