Assembly all party leader visits Dhubri : ধুবুৰীত অসম বিধানসভাৰ সৰ্বদলীয় বিধায়িনী দল

author img

By

Published : Nov 30, 2022, 10:31 AM IST

Dhubri

উজনি-নামনিৰ ভোট বেংকৰ ৰাজনীতিৰ অৱসান ঘটোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে । তাৰ অংশস্বৰূপে অসম বিধানসভাৰ ৪ জনীয়া সঁজাতি দল এটা ধুবুৰীত উপস্থিত হৈ জিলাখনৰ আৰ্থ-সামাজিক দিশৰ গ্ৰাউণ্ড জিৰ' ৰিপ'ৰ্ট সংগ্ৰহ কৰে (Socio economic aspects of Dhubri)। নামনি অসমৰ বিভিন্ন সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি থকা অপৰাধজনিত ঘটনা আদিৰ বিষয়েও আলোচনা কৰে দলটোৱে ।

ধুবুৰী,৩০ নৱেম্বৰ : উজনি-নামনি আৰু জাতিগত বিভাজনৰ ৰাজনীতি চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত গঠন হোৱা অসম বিধানসভাৰ সৰ্বদলীয় কমিটিৰ জৰিয়তে তদন্ত কৰি এক গ্ৰাউণ্ড জিৰ' ৰিপ'ৰ্ট সংগ্ৰহ কৰাৰ প্ৰয়াস কৰা হৈছে । যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত চাৰিজনীয়া এটা সঁজাতি দলে দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হয় (All Party leader of Assam Assembly in Dhubri)। ধুবুৰী জিলাৰ জনগাঁথনি, সংস্কৃতি, আৰ্থ-সামাজিক ব্যৱস্থা, স্বাস্থ্য, শিক্ষা আদি বিষয়ৰ অধ্যয়নৰ বাবে ধুবুৰীত উপস্থিত হোৱা অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দলটোৱে প্ৰথমে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰীৰ স্থানীয় বিধায়ক, প্ৰাক্তন বিধায়ক আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷

সৰ্বদলীয় প্ৰতিনিধি দলটোৰ সদস্য বিধায়ক চক্ৰধৰ গগৈয়ে তেওঁলোকৰ ধুবুৰী ভ্ৰমণৰ উদেশ্য ব্যাখ্যা কৰি কয় যে উজনি অসমৰ তুলনাত নামনি অসমৰ আৰ্থ-সামাজিক পৰিস্থিতি উন্নত নহয় বুলি বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাত উত্থাপন কৰা প্ৰসংগৰ আঁত ধৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰ ভিত্তিত উজনি অসমৰ বিধায়কৰে গঠিত এটা দলক নামনি অসমৰ জিলাসমূহলৈ আৰু নামনি অসমৰ বিধায়কৰে গঠিত এটা দলক উজনিৰ জিলাসমূহ চাবলৈ পঠিওৱা হৈছে (All Party MLA visits Dhubri) ৷ বৈঠকত ধুবুৰী জিলাৰ উন্নয়ন সম্পৰ্কীয় আৰু আৰ্থ-সামাজিক পৰিস্থিতিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় ৷

ধুবুৰীত অসম বিধানসভাৰ সৰ্বদলীয় বিধায়িনী দল

বিশেষকৈ চৰাঞ্চলৰ সমস্যা, অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধি, বাল্য বিবাহ, শিশু আৰু প্ৰসূতিৰ মৃত্যু আদি বিষয়ত হোৱা আলোচনাত বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা, গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, প্ৰাক্তন বিধায়ক মহিবুল হক আৰু প্ৰশান্ত কুমাৰ বৰুৱাই নিজৰ মতপ্ৰকাশ কৰে ৷ প্ৰতিনিধি দলটোৰ সদস্য বিধায়ক আমিনুল ইছলামে কয় যে বাল্য বিবাহ আদি বন্ধৰ ক্ষেত্ৰত ছাত্ৰ সংগঠন, মহিলা সংগঠন, স্থানীয় ক্লাব আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷ বিষয়টো সন্দৰ্ভত মতপোষণ কৰি প্ৰতিনিধি দলটোৰ নেতা বিধায়ক প্ৰদীপ হাজৰিকাই কয় যে সকলো সমস্যাৰ গুৰিতে হৈছে জনসংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি ৷

বাল্য বিবাহ ৰোধ কৰাত জন প্ৰতিনিধিসকলৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে বুলি মন্তব্য কৰি তেওঁ কয় যে সমষ্টিৰ প্ৰতিটো অঞ্চল এগৰাকী বিধায়কে চিনি পায় আৰু বিধায়কগৰাকীক সমষ্টিটোৰ ৰাইজে ভালদৰে জানে, তেওঁৰ কথা শুনে ৷ গতিকে বিধায়কগৰাকীয়ে যিকোনো সভালৈ যাওতে বাল্য বিবাহৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব পাৰে ৷ পঞ্চায়ত প্ৰতিনিধি, গাঁওবুঢ়া আদিয়েও ৰাইজক সজাগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে ৷

বিধায়কৰ প্ৰতিনিধি দলটোৰ নেতাগৰাকীয়ে কয় যে এনেধৰণৰ সামাজিক ব্যাধি দূৰ কৰাতো আমাৰ এক সামাজিক দায়িত্ব ৷ প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপত আমি বিভিন্ন ধৰণে সহায় কৰিব পাৰো ৷ তেওঁ কয় যে বাল্য বিবাহ, সঘনাই সংঘটিত অপৰাধজনিত ঘটনা আদি ৰোধ কৰিবলৈ পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়াতে দায়িত্ব শেষ নকৰি সন্তানক শিক্ষিত কৰি, মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব ৷ তেতিয়াহে ভাল সামাজিক পৰিৱেশৰ সৃষ্টি হ'ব ৷ উজনি অসম আৰু নামনি অসমক সমানে আগবঢ়াই নিব পাৰিলেহে অসমৰ উন্নতি হ'ব বুলি মন্তব্য কৰে বিধায়ক প্ৰদীপ হাজৰিকাই ৷

বৈঠকত জিলা উপায়ুক্ত দিবাকৰ নাথ, জিলা উন্নয়ন আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷ আনহাতে বিয়লিৰ ভাগত বিধায়কৰ দলটোৱে আৱৰ্ত ভৱনত বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি, স্থানীয় নেতৃ আৰু স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰে ।
আনহাতে সৰ্বদলীয় বিধায়িনী দলটোৰ সৈতে থকা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে উজনি নামনিৰ মাজত এটা স্পষ্ট বিভাজনৰ ৰাজনীতি হৈ আছে। যিটো বিভাজনৰ বিষয়ে কেইবাবাৰো অসম বিধানসভাৰ মজিয়াত উপস্থাপন কৰা হৈছে । তাৰেই এক তদন্ত কৰাৰ বাবে উজনি অসমৰ বিধায়িনী দল নামনি লৈ আৰু নামনি অসমৰ বিধায়িনী দল গৈছে শদিয়াৰ পৰা ধুবুৰীলৈ । এই প্ৰচেষ্টাৰ ফলত উজনি-নামনি আৰু জাতিগত ভেদভাৱ পাহৰি সকলোৱে কান্ধত কান্ধ মিলাই আগবাঢ়িব বুলিও আশা প্ৰকাশ কৰে বিধায়ক আমিনুলে ইছলামে । উল্লেখ্য যে, বুধবাৰেও বিধায়িনী দলটোৱে বিভিন্ন গাঁও অঞ্চললৈ গৈ সাধাৰণ ৰাইজৰ সৈতে মত বিনিময় কৰিব ।

লগতে পঢ়ক :Lurinjyoti Gogoi reaction on DU ragging: ৰেগিং বন্ধ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.