ETV Bharat / state

Annual Session of AJYCP: দুদিনীয়া কাৰ্যসূচীৰে AJYCP ৰ যোৰহাট সমিতিৰ অধিবেশন আৰম্ভ

author img

By

Published : Nov 30, 2022, 11:42 AM IST

যোৰহাট জিলাৰ কাকজান গাড়োৱালচুঙীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ বিংশতিতম দ্বিবাৰ্ষিক অধিবেশন (Annual Session of Jorhat AJYCP at Teok) । এই অধিবেশনতে গঠন হ'ব নতুন জিলা সমিতিখন ।

Annual Session of AJYCP
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট সমিতিৰ অধিৱেশনন

টীয়ক, ৩০ নৱেম্বৰ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ বিংশতিতম দ্বিবাৰ্ষিক অধিবেশনখন মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাকজান আঞ্চলিক সমিতিৰ আতিথ্য়ত কাকজান গাড়োৱালচুঙীত আৰম্ভ হৈছে (Annual Session of Jorhat AJYCP) । এই অধিবেশনৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছতে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । অধিবেশন উপলক্ষ্যে উলিওৱা শোভাযাত্ৰাত অসমৰ বাৰেচহৰীয়া সংস্কৃতিৰ প্ৰতিফলন ঘটে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট সমিতিৰ অধিৱেশন

উল্লেখ্য় যে সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে অধিবেশনস্থলীত এখনি মুকলি সভা অনুষ্ঠিত হয় । সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰাইজৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে । সভাখনত অসমৰ লগতে বিশেষকৈ যোৰহাট জিলাৰ জ্বলন্ত সমস্যাৰাজিক চৰকাৰৰ লগতে স্থানীয় প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ বাবে সজোৰে উত্থাপন কৰাৰ অংগীকাৰ লয় জিলা সমিতিয়ে ।

ছাত্ৰ সংগঠনটোৰ নেতৃত্বই উল্লেখ কৰা অনুসৰি এই অধিবেশনতে গঠন হ'ব নতুন জিলা সমিতিখন । নতুন জিলা সমিতিৰ উদ্যোগত আগন্তুক দিনত সংগঠনটোৱে চৰকাৰৰ ওচৰত কৰি অহা বিভিন্ন দাবীসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আৰু অধিক শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক:Lurinjyoti Gogoi reaction on DU ragging: ৰেগিং বন্ধ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.