ETV Bharat / state

DU ragging controversy: ৰেগিং কাণ্ডত নাম সাঙোৰ খাইছে নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদকৰ

author img

By

Published : Nov 30, 2022, 11:01 AM IST

Updated : Nov 30, 2022, 12:20 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত এইবাৰ নাম সাঙোৰ খাইছে নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ (Allegation against new GS of Dibrugarh University) । ৰেগিঙৰ পিছতে আনন্দ শৰ্মাৰ মোবাইল কাঢ়ি নিছিল উজ্জ্বল অংকুৰে । এই কথা অৱগত কৰিছে আনন্দ শৰ্মাৰ পৰিয়ালে (Dibrugarh University ragging controversy)।

Allegation against new GS of Dibrugarh University
Allegation against new GS of Dibrugarh University

ডিব্ৰুগড়, 30 নৱেম্বৰ: ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ দিন পাৰ হোৱাৰ পাছতে ওলাইছে ন ন তথ্য (Dibrugarh University ragging controversy)। আজি পৰ্যন্ত ৪ জনক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে (DU ragging accused detained) । কিন্তু এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খাইছে নৱ- নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ (new GS of Dibrugarh University union body) ।

ৰেগিঙৰ পিছতে আনন্দ শৰ্মাৰ মোবাইল কাঢ়ি নিয়াৰ অভিযোগ উজ্জ্বল অংকুৰৰ বিৰুদ্ধে । এই কথা অৱগত কৰিছে আনন্দ শৰ্মাৰ লগতে তেওঁৰ পৰিয়ালে । নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা আৰক্ষীৰ তদন্তৰ মাজলৈ অহাৰ সম্ভৱনা অধিক (Allegation against new GS of Dibrugarh University)। ঘটনাৰ সময়ত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত উপস্থিত আছিল নৱ- নিৰ্বাচিত সাধাৰণ সম্পাদকজন ।

ৰেগিং কাণ্ডত নাম সাঙোৰ খাইছে নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদকৰ

আনহাতে আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে বহিঃ ৰাজ্যলৈ লৈ যোৱাৰ পোষকতা কৰিছে পৰিয়ালে । জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব বুলি জানিবলৈ দিছে পৰিয়ালক চিকিৎসকে । আনন্দ শৰ্মাৰ স্বাস্থ্যক লৈ অধিক চিন্তিত হৈ পৰিছে পৰিয়াল । ডিব্ৰুগড়ৰ আদিত্য নাছিংহোমৰ ICU ত চিকিৎসাধীন হৈ আছে আনন্দ শৰ্মা । চিকিৎসকে অনুমতি দিলে বৃহস্পতিবাৰে এয়াৰ এম্বুলেন্সেৰে এইমছলৈ স্থানান্তৰ কৰা হ'ব ৰেগিঙৰ বলি হোৱা ছাত্ৰ আনন্দ শৰ্মাক । আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লৈ এই ঘোষণা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাৰ ।

উল্লেখ্য যে, যোৱা শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত জেষ্ঠ আবাসীৰ ৰেগিঙৰ বলি হৈছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজন (Dibrugarh University ragging case) ৷ ৰেগিঙৰ নামত চলা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই দিছিল ছাত্ৰজনে ৷ তাৰ পাচতেই অতি সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ প্ৰথমাৱস্থাত এই ঘটনাক গাপ দিবলৈ বিচৰা হৈছিল যদিও ছাত্ৰজনে সকলো কথা পৰিস্কাৰ কৰি দিয়ে (DU ragging controversy) ৷

এই ভয়ংকৰ ৰেগিং কাণ্ডৰ কথা পোহৰলৈ অহাৰ পাচতেই ৰাজ্যজুৰি ইয়াৰ প্ৰতিক্ৰিয়া দেখা যায় ৷ মুখ্যমন্ত্ৰীয়েও এই ঘটনা সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি উপযুক্ত তদন্তৰ নিৰ্দেশ দিয়ে ৷ অভিযোগ অনুসৰি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে মানসিক নিৰ্যাতন চলোৱা হৈছিল ছাত্ৰজনৰ ওপৰত ৷ পাঁচজন ছাত্ৰৰ নাম উল্লেখ কৰিছিল ভুক্তভোগী ছাত্ৰগৰাকীয়ে ৷

উল্লেখ্য যে, কেইমাহমান পূৰ্বেই ৰেংগিঙৰ বলি হৈ ছাত্ৰাবাসটোৰ অধীক্ষকক পত্ৰযোগে সকলো জনাইছিল আনন্দ শৰ্মাই ৷ কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অধীক্ষকজনে ৷ পৰৱৰ্তী সময়ত পুনৰ ৰেগিঙৰ বলি হৈ এতিয়া চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিব লগীয়া হৈছে ছাত্ৰজনে ৷

লগতে পঢ়ক: DU ragging incident: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক আটক

Last Updated :Nov 30, 2022, 12:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.