ETV Bharat / state

Wild elephants destroy crops: মাজুলীৰ টিকৰাই চাপৰিত বন্যহস্তীৰ উপদ্ৰৱ, কৃষকৰ মাজত হাহাকাৰ

author img

By

Published : Nov 30, 2022, 11:16 AM IST

মাজুলীৰ চৰাঞ্চলত যোৱা দুটা মাহ ধৰি প্ৰায় ১০০ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে (Wild elephants destroy crops) ৷ এই হাতীৰ জাকটোৰ মাজৰেই পাঁচ-ছয়টা হাতীয়ে জাকটোৰ পৰা ফালৰি কাটি টিকৰাই, দৰবাৰ আৰু আমগুৰি চাপৰি পাইছেহি ।

Elephants destroyed crops of farmers in rural areas of Majuli
মাজুলীৰ টিকৰাই চাপৰিত বন্যহস্তীৰ উপদ্ৰৱ,কৃষকৰ মাজত হাহাকাৰ

মাজুলী, 30 নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ক’ৰবাত যদি ঘৰ ভাঙিছে, ক’ৰবাত আকৌ তহিলং কৰিছে খেতি-পথাৰকে আদি কৰি বাৰীৰ পাচলি ৷ সমান্তৰালভৱে বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে অজশ্ৰজন ৷ শেহতীয়াকৈ মাজুলীৰ টিকৰাই চাপৰিত বিচৰণ কৰি থকা বন্যহস্তীৰ এটা বৃহৎ জাকে নিদ্ৰা হৰিছে স্থানীয় লোকসকলক ।

কপালৰ ঘাম মাটিত পেলাই, হাড় ভগা শ্ৰম কৰি মাজুলীৰ চৰাঞ্চলৰ শ-শ কৃষকে কৰিছে খেতি ৷ কিন্তু চহা খেতিয়কসকলে এই খেতি চপাব নোৱাৰাৰ সংকাত ভুগিছে ৷ খেতিয়কসকলে মাথো হা-হুমুনিয়াহৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে ৷ যিহেতু মাজুলীৰ চৰাঞ্চলত যোৱা দুটা মাহ ধৰি প্ৰায় ১০০ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে ৷ এই হাতীৰ জাকটোৰ মাজৰেই পাঁচ-ছয়টা হাতীয়ে জাকটোৰ পৰা ফালৰি কাটি টিকৰাই, দৰবাৰ আৰু আমগুৰি চাপৰি পাইছেহি ।

মাজুলীৰ টিকৰাই চাপৰিত বন্যহস্তীৰ উপদ্ৰৱ,কৃষকৰ মাজত হাহাকাৰ

নিশা হলেই এই হাতীকেইটাই প্ৰৱেশ কৰে টিকৰাই চাপৰিৰ জনাঞ্চলত (A herd of wild elephants entered in paddy field) । যোৱা এটা সপ্তাহত এশৰো অধিক গৰুখুটিৰ গোহালী ভঙাৰ লগতে প্ৰায় ১৬৫ বিঘা খেতি মাটি বিনষ্ট কৰিছে বনৰীয়া হাতীৰ এই সৰু জাকটোৱে (Wild elephants destroy crops) ৷

উল্লেখ্য যে মাজুলীৰ পূৰ্বৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ উদ্যোগত বিগত বৰ্ষত বাৰিষাৰ সময়ত পশুধনৰ মাজত যাতে খাদ্যৰ সংকতে দেখা নিদিয়ে তাৰ উদ্দেশ্যে আৰম্ভ কৰিছিল ঘাঁহৰ খেতি ৷ টিকৰাই চাপৰি পথাৰ পৰিচালনা সমিতিৰ উদ্যোগত কৰা ঘাঁহৰ খেতিয়ে পশুপালক সকলক বহুখিনি উপকৃত কৰিছিল ৷ অৱশ্যে এই বৰ্ষত ঘাহঁৰ খেতিৰ পৰিৱৰ্তে টিকৰাই চাপৰি পথাৰ পৰিচালনা সমিতেয়ে প্ৰায় ১০০ বিঘা মাটিত সৰিয়হ আৰু ৫০ বিঘা মাটিত কৰিছিল শালি ধানৰ খেতি (Elephants destroy crops) ৷

লহপহকৈ বাহি অহা সৰিয়হ আৰু হালধীয়া হৈ পৰা পকা ধাননিডৰালৈ চাই পৰিচালনা সমিতিখনৰ ২৫ টাকৈ পৰিয়ালে অৰ্থ উপাৰ্জনৰ এক সুকীয়া সপোন দেখিছিল ৷ কিন্তু অতিকে পৰিতাপৰ কথা যে, এই কৃষকসকলৰ সপোন চাৰখাৰ কৰি বন্যহস্তীয়ে চিৰসেউজ হৈ পৰা ১০০ বিঘাৰ সৰিয়হ তলি গছকি-মুহাৰী নষ্ট কৰি পোলোৱাৰ লগতে ৫০ বিঘা মাটিত কৰা ধানখেতিৰ ধান খাই তহিলং কৰিলে ৷ যাক লৈ এতিয়া এই ২৫ টা পৰিয়ালৰ মাজত সৃষ্টি হৈছে এক নাজল-নাথল অৱস্থাৰ ৷

বনৰীয়া হাতীৰ এই জাকটোৱে যোৱা প্ৰায় দহটা দিনে উপদ্ৰৱ চলাই টিকিৰাই চাপৰিৰ এই কৃষি পথাৰৰ চৌপাশে থকা ফেনচিঙৰ বেৰাসমূহ ভাঙি তহিলং কৰে খেতি ৷ কৃষিৰ বাবে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এই টিকৰাই চাপৰি ৷ সেয়েহে টিকৰাই চাপৰিক কৃষি কৰ্মৰ বাবে এক সুৰক্ষিত অঞ্চল হিচাপে গঢ় দিয়াতো জিলা প্ৰশাসনৰ অন্যতম গুৰুত্বপূৰ্ণ কাম বুলি মন্তব্য কৰিছে ভুক্তভোগী কৃষকসকলে । অৱশ্যে বন্যহস্তীৰ উপদ্ৰৱত সমূলঞ্চে ক্ষতিৰ সন্মুখীন হোৱা এইসকল কৃষকক ক্ষতিপূৰণ প্ৰদান কৰি জিলা প্ৰশাসনে কেনেদৰে উদ্ধাৰ কৰে, বৰ্তমান সেয়াহে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাবে পৰিগনিত হৈছে ৷

লগতে পঢ়ক: Wild Elephant Terror: বন্যহস্তীৰ উপদ্ৰৱত সোণাৰিৰ কৃষকৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.