Wild Elephant Terror: বন্যহস্তীৰ উপদ্ৰৱত সোণাৰিৰ কৃষকৰ হাহাকাৰ

By

Published : Nov 29, 2022, 5:30 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱৰ ঘটনা(Wild elephant menace in Assam) । সোণগুটি চপোৱাৰ সময়তে বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সুঁঁৱৰিছে কৃষকে । সোণাৰিতো বৃহৎ বন্যহস্তীৰ জাকে সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ(Wild elephant scare at Sonari) । চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি সোণাৰিৰ কাষৰীয়া জবকা খামলুং বাগিচাত প্ৰৱেশ কৰি ২০-২৫ টা হাতীৰ এটা জাকে আতংকৰ সৃষ্টি কৰিছে । খাদ্যৰ সন্ধানতে অভয়পুৰ বনাঞ্চলৰ পৰা নিশা বন্যহস্তীৰ জাক ওলাই আহি তহিলং কৰিছে ধাননি পথাৰ তথা অঞ্চলটোৰ ৰাইজৰ বাৰীৰ গছ-গছনি সমূহ(Wild elephants destroyed crop fields) । ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈছে যদিও বন্যহস্তীৰ জাকটো বনাঞ্চললৈ ঘুৰাই পঠোৱাত ব্যৰ্থ হৈছে । বন বিভাগৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.