ETV Bharat / state

Extortion case in Hamren : দাবী কৰা ধন নিবলৈ আহি ৰঙাঘৰৰ আলহী যুৱক

author img

By

Published : Dec 23, 2021, 10:22 AM IST

পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত ধন দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুই যুৱকক (Two arrested for extortion in Hamren) । হামৰেণৰ কেইবাজনো লোকৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱক দুজনৰ বিৰুদ্ধে । ধৃত যুৱক দুজন ক্ৰমে খন তিমুং আৰু জন তিচ' বুলি জানিব পৰা গৈছে ।

Two men arrested for allegedly extorting money in Diphu
হামৰেণত ধন দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই যুৱকক

ডিফু, ২২ ডিচেম্বৰ : কাৰ্বি আংলঙত পুনৰ ধন দাবীৰ ঘটনা পোহৰলৈ আহিছে । এইবাৰৰ স্থান পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ । কেইবাজনো লোকক ধন দাবী কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল দুজন যুৱক(Two arrested for allegedly extorting money in Hamren) ।

জানিব পৰা মতে, কোনো সংগঠনৰ নাম নোলোৱাকৈ যুৱক দুজনে হামৰেণৰ লোক নিৰ্মাণ বিভাগৰ আৱাসিক কলনিৰ কেইবাজনো লোকৰ পৰা ধন দাবী কৰিছিল ৷ বুধবাৰে নিশা দাবী কৰা ধন নিবলৈ অহাৰ সময়তে আৰক্ষীয়ে যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত যুৱক দুজন ক্ৰমে হামৰেণৰ লামটুপথুপী গাঁও নিবাসী খন তিমুং আৰু আমবিনং নিবাসী জন তিচ' বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ত কৰাৰ লগতে ধন দাবী কাৰ্যত ব্যৱহাৰ হোৱা এখন মটৰ চাইকেল জব্দ কৰে ৷ ভুক্তভোগীসকলৰ অভিযোগৰ ভিত্তিত হামৰেণ থানাত এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে (Extortion case filed in Hamren police station) ৷

উল্লেখ্য যে, জিলাখনত ধন দাবীৰ ঘটনা এয়ে প্ৰথম নহয় । চলিত মাহতে জিলাখনৰ বিভিন্ন স্থানত ধন দাবীৰ ঘটনা সংঘটিত হৈছে ৷

শেহতীয়াকৈ ধন দাবীৰ অভিযোগতে ডিফুত আটক হৈছিল মণিপুৰৰ দুজন লোক । স্থানীয় লোকক ধন দাবী কৰি ডিফুৰ ডি মাৰবেং গাঁৱত আত্মগোপন কৰি আছিল লোক দুজনে । সম্প্ৰতি আৰক্ষীয়ে এনে লোকৰ বিৰুদ্ধে তৎপৰতাৰে অভিযান চলাই আছে ।

লগতে পঢ়ক: Serial rape in Laharighat: চাৰিদিনত তিনি নাবালিকাক ধৰ্ষণ কৰা অপৰাধী আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.