3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Dec 7, 2021, 3:01 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Jorhat Mob Lynching : পুনৰায় আটক ঘটনাৰে জড়িত অভিযুক্ত

কৰায়ত্ত কৰা হৈছে যোৰহাটৰ গণ প্ৰহাৰ (Jorhat Mob Lynching) ৰ ঘটনাত জড়িত এগৰাকী অভিযুক্তক ৷ এতিয়ালৈকে 15 গৰাকী অভিযুক্ত পৰিল আৰক্ষীৰ জালত ৷ পল্টন বজাৰ আৰক্ষীয়ে কৰায়ত্ত কৰে যুৱকজনক ৷

AASU Demand to Repeal AFSPA : AFSPA প্ৰত্যাহাৰৰ দাবী আছুৰ

ভাৰতীয় সামৰিক বাহিনীয়ে নাগালেণ্ডৰ মন জিলাত গুলীচালনা কৰি 14 গৰাকী শ্ৰমিকক হত্যা কৰা ঘটনা(Ambush on civilians in Nagaland)ক সদৌ অসম ছাত্ৰ সন্থাই গৰিহণা দিছে ৷ এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৰ সভাপতি দীপাংক নাথে ৷

Bangladesh tour of Harsh Vardhan Shringla : আজি বাংলাদেশলৈ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলা

বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ইয়াৰ 'Neighbourhood First Policy' ৰ অন্যতম শক্তিশালী স্তম্ভ ৷ চলিত বৰ্ষত ভাৰত-বাংলাদেশে যুটীয়াভাৱে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ কৰিছে ৷


Womens weekly market at Sarupathar : সৰুপথাৰত মুকলি সাপ্তাহিক মহিলা বজাৰ

সৰুপথাৰৰ নাওজানত মুকলি মহিলাৰ সাপ্তাহিক বজাৰ(Women's weekly market at Sarupathar ) । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত খণ্ড অভিযান পৰিচালনা শাখা দক্ষিণ গোলাঘাট উন্নয়ণ খণ্ডৰ উদ্যোগত আৰম্ভ কৰা হয় এই মহিলা বজাৰখন ।

Price Hike in Assam : মধ্যভোগীৰ বাবে মূল্যবৃদ্ধিৰ অভিযোগ কৃষকৰ

চামগুৰি-এৰাকলং-মাজুলীবাসী ৰাইজে কৰা খেতিত মধ্যভোগীৰ দপদপনিৰ অভিযোগ ৷ ফলত আজিপৰ্যন্ত লাভৰ মুখ নেদেখিলে দুৰ্ভগীয়া কৃষকসকলে ৷

Jorhat Mob Lynching Case : কাৰাগাৰলৈ প্ৰেৰণ ক’লা ল’ৰাৰ পিতৃ মোহন দাসক

যোৰহাট কাণ্ডৰ তদন্ত অব্যাহত আছে (Jorhat mob lynching case)। ইয়াৰ মাজতে অনিমেষ ভূঞা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত মোহন দাস আৰু চিৰঞ্জীৱ দাসক কাৰাগাৰলৈ প্ৰেৰণ । ৭ অভিযুক্তক পুনৰ যোৰহাট আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ।

Vicky-Katrina Wedding : আজিৰে পৰা আৰম্ভ হ’ব বিবাহৰ মাংগলিক পৰ্বসমূহ

সোমবাৰে ৰাজস্থানৰ চৱাই মাধোপুৰৰ Six Senses Fort ত উপস্থিত হৈছে হ’বলগীয়া ন-দম্পতী বিকি কৌশল আৰু কেটৰিণা কাইফ(Vicky Kaushal and Katrina Kaif reached Six Senses Fort) ৷ পৰিয়ালৰ সৈতে বিবাহস্থলীত উপস্থিত হোৱাৰ লগে লগে বৰৱাৰা দুৰ্গত এক উছাহভৰা আদৰণি লাভ কৰে বিকী-কেটৰিণাই । ইফালে আজিৰে পৰা Sangeet Ceremony ৰ সৈতে আৰম্ভ হ’ব দুয়োৰে বহু প্ৰত্যাশিত বিবাহৰ পৰম্পৰাগত পৰ্বসমূহ(Vicky-Katrina's wedding festivities kickstart from today) ৷

National Kick Boxing Championship in Goa : আঘোণৰ পথাৰৰ পৰা গোৱালৈ স্বৰ্ণময়ী যাত্ৰা

গোৱাত অনুষ্ঠিত নেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বীপত টিংখাঙৰ বাইলুংভেটি গাঁৱৰ শিৱা তন্তবাইৰ পত্নী মনিষা ওৰাং তন্তবাই অৰ্জন কৰিলে স্বৰ্ণ পদক(gold medal at National Kick Boxing Championship in Goa) ৷

Paddler arrest with Drugs : শদিয়াত ড্ৰাগছসহ কৰায়ত্ব দুই

শদিয়াত ড্ৰাগছসহ কৰায়ত্ব কৰা হ’ল দুই মাফিয়াক (Drugs paddler arrested in Sadiya) ৷ দেওবাৰে নিশা স্থানীয় যুৱ সংঘৰ সদস্যই অভিযান চলাই আটক কৰে ড্ৰাগছ মাফিয়া দুটাক ৷ আটকাধীন দুই যুৱকৰ পৰা নিষিদ্ধ ব্ৰাউন চুগাৰৰ লগতে বহু সামগ্ৰী জব্দ কৰা হয় ৷

International Sports Competition in Goa : সোণৰ পদক কঢ়িয়ালে বিলাসীপাৰাৰ 3 খেলুৱৈয়ে

গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা(International Sports Competition in Goa)ত বিলাসীপাৰাৰ তিনিজন কিশোৰে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে(three players from Bilasipara won gold medal at Goa)। ইয়াৰ পাছতে চহৰখনৰ ভদ্ৰকালী মন্দিৰ প্ৰাংগণত সোণৰ পদক প্ৰাপ্ত কিশোৰকেইজনক বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.