Bangladesh tour of Harsh Vardhan Shringla : আজি বাংলাদেশলৈ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলা

author img

By

Published : Dec 7, 2021, 12:54 PM IST

Harsh Vardhan Shringla

বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ইয়াৰ 'Neighbourhood First Policy' ৰ অন্যতম শক্তিশালী স্তম্ভ ৷ চলিত বৰ্ষত ভাৰত-বাংলাদেশে যুটীয়াভাৱে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ কৰিছে ৷

নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ : বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলা-ই মঙলবাৰে বাংলাদেশ ভ্ৰমণ কৰিব । তেওঁ বাংলাদেশৰ বৈদেশিক সচিব ৰাষ্ট্ৰদূত মাছুদ বিন মোমেনৰ লগতে বৈদেশিক মন্ত্ৰী ড৹ এ কে আব্দুল মোমেনক সাক্ষাৎ কৰিব ।

বৈদেশিক সচিবগৰাকীয়ে ৮ ডিচেম্বৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাত কৰাৰ কথা আছে । তেওঁ মঙলবাৰে পথ পৰিবহণ তথা দলং মন্ত্ৰী আৰু আৱামী লীগৰ সাধাৰণ সম্পাদক ওবাইডুল কাদেৰকো সাক্ষাত কৰিব ৷

বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ইয়াৰ 'Neighbourhood First Policy' ৰ অন্যতম শক্তিশালী স্তম্ভ । চলিত বৰ্ষত ভাৰত-বাংলাদেশে যুটীয়াভাৱে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ কৰিছে ৷

মৈত্ৰী দিৱস উদযাপনৰ এদিন পিছতে বৈদেশিক সচিবৰ বাংলাদেশ ভ্ৰমণে দুয়োখন দেশৰ মাজত বিস্তৃত সহযোগিতাৰ পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব । এই ভ্ৰমণে ১৫ ৰ পৰা ১৭ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাংলাদেশ ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাবলৈও সহায় কৰিব ।

লগতে চাওক: Nagaland firing : কেন্দ্ৰ, নাগালেণ্ড চৰকাৰীলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.