National Kick Boxing Championship in Goa : আঘোণৰ পথাৰৰ পৰা গোৱালৈ স্বৰ্ণময়ী যাত্ৰা

author img

By

Published : Dec 7, 2021, 2:20 PM IST

woman-player-from-moran-won-gold-medal-at-national-kick-boxing-championship-in-goa

গোৱাত অনুষ্ঠিত নেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বীপত টিংখাঙৰ বাইলুংভেটি গাঁৱৰ শিৱা তন্তবাইৰ পত্নী মনিষা ওৰাং তন্তবাই অৰ্জন কৰিলে স্বৰ্ণ পদক(gold medal at National Kick Boxing Championship in Goa) ৷

মৰাণ, 7 ডিচেম্বৰ : এটি সাধাৰণ পৰিয়ালৰ এগৰাকী আদৰ্শ বোৱাৰী ৷ আঘোণ মহীয়া পথাৰত বৰ্তমান সোণগুটি চপোৱাৰ সীমাহীন ব্যস্ততা ৷ তাৰ মাজতে সময় উলিয়াই বোৱাৰীগৰাকীয়ে কৰিছে ঘৰৰ বাহী-বন ৷ ব্যস্ততাৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মহিলাগৰাকী ৷

টিংখাঙৰ বাসিন্দা মনিষা ওৰাং তন্তবাই নামৰ মহিলাগৰাকীয়ে শেহতীয়াকৈ গোৱাত অনুষ্ঠিত নেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বীপ(National Kick Boxing Championship in Goa)ত সোণৰ পদক অৰ্জন কৰি দেশবাসীক দেখুৱালে কাঁচিমুঠীয়া দুহাতৰ অপ্ৰতিৰোধ্য শক্তি ।

আঘোণৰ পথাৰৰ পৰা গোৱালৈ স্বৰ্ণময়ী যাত্ৰা

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও টিংখাঙৰ বাইলুংভেটি গাঁৱৰ শিৱা তন্তবাইৰ পত্নী মনিষা ওৰাং তন্তবাই 2010 চনত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক দখল কৰিছিল । কিন্তু বিয়াৰ পাছত সাংসাৰিক ব্যস্ততাৰ বাবে ক্ৰীড়া জগতখনৰ পৰা বহুদূৰ আঁতৰি আহিবলগীয়া হৈছিল এই স্বৰ্ণ বিজয়ী খেলুৱৈগৰাকী ৷

কিন্তু তাৰ মাজতে মনিষাই গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলে । দিনত পথাৰত ধান দাই সন্ধিয়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ বুলি ঢাপলি মেলিছিল মহিলা খেলুৱৈগৰাকীয়ে । ইয়াৰোপৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যথেষ্ট আৰ্থিক সমস্যাৰো সন্মুখীন হ'বলগীয়া হৈছিল মনিষাই ।

এই সমগ্ৰ প্ৰতিবন্ধকতা নেওচি প্ৰচণ্ড মানসিক শক্তি আৰু একাগ্ৰতাৰ বলত গোৱাৰ বক্সিং ৰিঙত পশ্চিমবংগৰ শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হয় মনিষাই (gold medal at National Kick Boxing Championship in Goa)। মনিষা তন্তবাইৰ স্বৰ্ণ জয়ত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ।

টিংখাঙৰ বিভিন্ন দল-সংগঠন তথা ক্ৰীড়াপ্ৰেমী ৰাইজে খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁক অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক: International Sports Competition in Goa : সোণৰ পদক কঢ়িয়ালে বিলাসীপাৰাৰ 3 খেলুৱৈয়ে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.