সৰুপথাৰত মুকলি সাপ্তাহিক মহিলা বজাৰ

author img

By

Published : Dec 7, 2021, 2:14 PM IST

Updated : Dec 7, 2021, 6:22 PM IST

womens-weekly-market-opens-in-golaghat

সৰুপথাৰৰ নাওজানত মুকলি মহিলাৰ সাপ্তাহিক বজাৰ(Women's weekly market at Sarupathar ) । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত খণ্ড অভিযান পৰিচালনা শাখা দক্ষিণ গোলাঘাট উন্নয়ণ খণ্ডৰ উদ্যোগত আৰম্ভ কৰা হয় এই মহিলা বজাৰখন ।

সৰুপথাৰ, 7 ডিচেম্বৰ : গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজানত বিৰিঙিল স্বাৱলম্বনৰ হাঁহি ৷ মণিপুৰৰ বিখ্যাত ইমা কেইথাল মহিলা বজাৰ(Ima Keithel womens market in manipur)ৰ কথা হয়তো আপোনালোকে শুনিছে ৷ অসমতো ঠিক একেদৰে ধনশিৰি মহকুমাৰ নাওজানত আৰম্ভ হৈছে মহিলাৰ সাপ্তাহিক বজাৰ(Womens weekly market opens at Sarupathar) ৷

সৰুপথাৰৰ বহু মহিলাৰ মুখত বিৰিঙিল স্বাৱলম্বীতাৰ হাঁহি

মহিলা আত্মসহায়ক গোটৰ লগত জড়িত এই মহিলা সাপ্তাহিক বজাৰ ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (Assam State Rural Livelihoods Mission of sarupathar) অধীনত খণ্ড অভিযান পৰিচালনা শাখা দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ উদ্যোগত আৰম্ভ কৰা হয় এই বজাৰখন ।

সোমবাৰে বজাৰখনৰ শুভাৰম্ভ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে(Womens weekly market inaugurated by MLA Biswajit Phukan) ৷ সৰুপথাৰৰ মহিলাৰ স্বাৱলম্বনৰ দিশটো টনকিয়াল হোৱাৰ লগতে এই উদাহৰণ অসমৰ ভিন্ন প্ৰান্তলৈকে বিয়পি যাব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা ৷ এই অৰ্থনৈতিক বিপ্লৱৰ শলাগ ল'লে উপায়ুক্ত বৰুৱাই ৷

বজাৰখনত বহু উদ্যমী মহিলাই বিভিন্ন সামগ্ৰীৰ বজাৰ দিছে ৷ প্ৰত্যেক দেওবাৰে বহিবলগা এই মহিলা বজাৰখনত উপলব্ধ হ'ব নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী ৷ মহিলা আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্রী, যেনে- চেণ্ডেল, জোতা, প্ৰসাধন সামগ্ৰীৰ লগতে আলু, বিলাহী, লাও, কবি, লাই, লফা আদি বিভিন্ন পাচলি, গুড় ইত্যাদি উপলব্ধ হ'ব এই বজাৰখনত ৷

মহিলা ব্যৱসায়ীসকলেও এই বজাৰখনৰ পৰা এক নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা প্ৰকাশ কৰিছে ৷ প্ৰথমবাৰৰ বাবে নিজস্বভাৱে এই সাপ্তাহিক বজাৰখন লাভ কৰি আনন্দিত হোৱাই নহয় গৌৰৱবোধো কৰিছে মহিলাসকলে । এই বজাৰখনে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়ক : Poor Road Condition of Bokakhat : নাৱতে সন্তান প্ৰসৱ

Last Updated :Dec 7, 2021, 6:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.