Price Hike in Assam : মধ্যভোগীৰ বাবে মূল্যবৃদ্ধিৰ অভিযোগ কৃষকৰ

author img

By

Published : Dec 7, 2021, 1:43 PM IST

pathetic-condition-of-samguri-vigitable-farmer

চামগুৰি-এৰাকলং-মাজুলীবাসী ৰাইজে কৰা খেতিত মধ্যভোগীৰ দপদপনিৰ অভিযোগ ৷ ফলত আজিপৰ্যন্ত লাভৰ মুখ নেদেখিলে দুৰ্ভগীয়া কৃষকসকলে ৷

চামগুৰি, 7 ডিচেম্বৰ : নগাঁও জিলাৰ চামগুৰিৰ এৰাকলং মাজুলী এক কৃষি প্ৰধান অঞ্চল ৷ অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক কৃষকে দুই হেজাৰ বিঘা মাটিত নিতৌ বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰে ৷ অসমৰ বিভিন্ন প্ৰান্তলৈ নিতৌ ৰপ্তানি হয় এই অঞ্চলটোৰ শাক-পাচলিসমূহ ৷

চামগুৰিত কৃষকৰ মাজত হাহাকাৰ

লাভৰ মুখ নেদেখা কৃষকসকলে দীৰ্ঘদিনে উপযুক্ত প্ৰাপ্য লাভৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত ক্ষোভিত হৈ পৰিছে কৃষকসকল ৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে কৃষিক্ষেত্ৰত মধ্যভোগীৰ দৌৰাত্ম্য ৷ অতি কম মূল্যত এৰাকলং মাজুলীৰ পৰা একাংশ মধ্যভোগীয়ে শাক-পাচলি ক্ৰয় কৰি বজাৰত অত্যাধিক দামত বিক্ৰী কৰে ৷ বজাৰত পাচলিৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এচাম মধ্যভোগীৰ প্ৰভাৱ আছে বুলি ক্ষোভেৰে ব্যক্ত কৰে অঞ্চলটোৰ এগৰাকী যুৱকে ৷

মধ্যভোগীৰ দৌৰাত্ম্যৰ পিছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি (Price hike in Assam)ত দিশহাৰা হৈ পৰিছে সাধাৰণ লোকসকল ৷ কেঁচা সামগ্ৰীৰ বজাৰখনত মধ্যভোগীয়ে চলাই যোৱা দপদপনিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী কৃষকসকলে ৷

লগতে পঢ়ক : বজাৰত লাগিছে জুই : দুদিনতেই 25 টকা বৃদ্ধি পালে পিয়াজৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.